পাঁচটা বছৰৰ পিছত বুধবাৰে নিশা প্ৰথমবাৰৰ বাবে ৱেষ্টাৰ্ণ এণ্ড চাউদাৰ্ণ অ’পেনত ২০১৩ চনৰ চেম্পিয়ন তথা জনপ্ৰিয় তাৰকা খেলুৱৈ ৰাফেল নাডালে চিনচিনাটিৰ অনুৰাগীসকলৰ যেন অপেক্ষাৰ অন্ত পেলালে। অৱশ্যে চেণ্টাৰ ক’ৰ্টত দুঘণ্টা ৫১ মিনিটৰ বাবে বৰ্ণা ক’ৰিকৰ সৈতে যুঁজ দিয়াৰ পিছত স্পেনিছ খেলুৱৈগৰাকীয় তেওঁৰ উদ্বোধনী মেচৰ পিছত এ টি পি মাষ্টাৰছ ১০০০ ইভেণ্টৰ পৰা ওলাই আহে ।
উইম্বলডন ছেমি ফাইনেলৰ পূৰ্বে অসুস্থ হৈ পৰাৰ পিছত প্ৰথমখন মেচত খেলি নাডালে ক্ৰ’ৱেচিয়ান খেলুৱৈগৰাকীৰ ওচৰত ৭-৬(৯), ৪-৬, ৬-৩ গ’লত পৰাজয় বৰণ কৰে ৷
খেলখনৰ পিছত নাডালে কয় যে ই নিশ্চিত যে তেওঁ তেওঁৰ শ্ৰেষ্ঠ খেল খেলা নাছিল । এই প্ৰতিযোগিতাখন তেওঁৰ বাবে কঠিন হৈ পৰিল বুলি কৈ তেওঁ কয় যে সেই কঠিন সময়ৰ পৰা উভতি আহি এই কথা গ্ৰহণ কৰাটোৱেই এতিয়া তেওঁৰ বাবে সহজ ৷ লগতে ভাল খেল প্ৰদৰ্শন কৰা বৰণাক অভিনন্দন জনোৱাটো তেওঁৰ বাবে এতিয়া বেছি সহজ কাম বুলি উল্লেখ কৰে তাৰকা খেলুৱৈ গৰাকীয়ে ।
তেওঁ লগতে কয় যে তেওঁ অনুশীলন কৰিব লাগিব কাৰণ তেওঁ পুনৰ ভালকৈ উভতি অহা প্ৰয়োজন।
বৰ্তমান তেওঁ ইউ এছ অ’পেনৰ প্ৰতি মনোযোগ দিছে, য’ত তেওঁ ২০২০ চনৰ আৰম্ভণিৰ পিছত প্ৰথমবাৰৰ বাবে পেপাৰষ্টোন এ টি পি ৰেংকিঙত শীৰ্ষস্থানলৈ ঘূৰি অহাৰ সুযোগ পাব।
তেওঁ কয় যে তেওঁ আগবাঢ়িব লাগিব আৰু নিউয়ৰ্কৰ জন সমাবেশে যে তেওঁক সদায় শক্তি দিয়ে সেই বিষয়ে চিন্তা কৰিব লাগিব। নিউইয়ৰ্ক তেওঁৰ বাবে এক অতি বিশেষ ঠাই আৰু তেওঁ এই কথা উপলব্ধি কৰে। কাৰণ তেওঁ তাত অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিছে আৰু সেয়েহে তাৰ বাবে সাজু হ’বলৈ প্ৰতিটো দিনেই তেওঁ সকলো চেষ্টা কৰিব ৷