আন এখন গ্ৰেণ্ড শ্লেমত দেখা নাযাব ৰাফেল নাডালক। তেওঁ এইবাৰ উইম্বলডনত অংশ নলয় ৷ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই তেওঁ নিজৰ নাম প্ৰত্যাহাৰ কৰে। ২২ টা গ্ৰেণ্ড শ্লেম বিজয়ী তাৰকা গৰাকীয়ে উইম্বলডনৰ পৰা নিজৰ নাম আঁতৰাই অলিম্পিক খেলিবলৈ যো-জা চলাইছে । ১ জুলাইৰ পৰা আৰম্ভ হ’ব উইম্বলডন। তাৰ ১৭ দিন পূৰ্বে নাডালে নিজৰ নাম প্ৰত্যাহাৰ কৰে।
নাডালে ফ্ৰেন্স অ’পেনত খেলিছিল। কিন্তু প্ৰথম ৰাউণ্ডত আলেকজেণ্ডাৰ জেৰেভৰ হাতত ষ্ট্ৰেইট ছেটত পৰাস্ত হৈ তেওঁ বিদায় ল’বলগীয়া হয় ৷ তেওঁ ১৪ বাৰ অভিলেখ গঢ়ি ফ্ৰেঞ্চ অ’পেনত জয়লাভ কৰিছিল। যোৱা কেইবছৰমানৰ পৰা তেওঁ বাৰে বাৰে আঘাতৰ সন্মুখীন হৈছে।
বুধবাৰে স্পেনিছ টেনিছ এছ’চিয়েশ্যনে জনোৱা মতে, ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অলিম্পিকত কাৰ্লোছ আলকাৰাজৰ সৈতে নাডালে একেলগে খেলিব ৷ আলকাৰাজে এইবাৰ প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনত জয়লাভ কৰে। ২২টা গ্ৰেণ্ড শ্লেম বিজয়ী নাডালে অলিম্পিকৰ একক আৰু ডাবলছত স্বৰ্ণ পদক লাভ কৰিছে। হয়তো নাডালে অৱসৰৰ পূৰ্বে নিজৰ সংগ্ৰহত আন এটা অলিম্পিক পদক যোগ কৰিব বিচাৰে।
ফ্ৰেন্স অ’পেনৰ প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পাছত নাডালে কয় যে তেওঁ নিজকে অলিম্পিকৰ বাবে প্ৰস্তুত কৰিব বিচাৰে। এইবাৰ তেওঁৰ মূল লক্ষ্য হৈছে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ৷