অহা ২৮ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তৃতীয়খন হাইফল্টেজ টি২০ ক্ৰিকেট খেল। আজি বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল ৷ প্ৰাপ্ত তথ্য অনুসৰি বিয়লি ৫ বজাত দুয়োটা দল গুৱাহাটীত উপস্থিত হ’ব ৷ ২৭ নৱেম্বৰত একেখন বিমানতে আহি বিয়লি ৫ বজাত গুৱাহাটীত তেওঁলোক উপস্থিত হব। ইয়াৰ পিছতে ভাৰতৰ দলটো ৰেডিছন ব্লু হোটেলত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটো হোটেল ভিভান্টাত থাকিব বুলি জানিব পৰা গৈছে ৷ খেলৰ দিনা বিয়লি ৪ বজাত প্ৰৱেশদ্বাৰ দর্শকৰ বাবে মুকলি কৰি দিয়া হ’ব ৷
উল্লেখ্য যে দুদিন পূর্বে এখন সংবাদমেলত অসম ক্ৰিকেট সন্থাই টি২০ খেলখনৰ সন্দৰ্ভত কেতবোৰ তথ্য সদৰী কৰে। বিচিচিআইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াৰ উপস্থিতিত বৰ্ষাপাৰাৰ সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেল সম্বোধন কৰি অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে কয় যে টি২০ খেলখনৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দল দুটা ইতিমধ্যে খেলৰ বাবে ২৫ হেজাৰ টিকট অনলাইন আৰু মেনুৱেলী বিক্ৰী হোৱা বুলি উল্লেখ কৰি সভাপতি গগৈয়ে কয় যে বাকী থকা দিন কেইটাত আৰু ১০ হেজাৰটা টিকট বিক্ৰীৰ আশা কৰা হৈছে। গগৈয়ে কয় যে ২৮ নৱেম্বৰত ৭ বজাত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলখন অনুষ্ঠিত হ’ব। কিন্তু দৰ্শকৰ বাবে ষ্টেডিয়ামৰ প্ৰবেশদ্বাৰ ৪ বজাত খুলি দিয়া হ’ব।
বি চি চি আইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই কয় যে ২৮ নৱেম্বৰৰ খেলত দৰ্শকৰ মনোৰঞ্জনৰ বাবে ষ্টেডিয়ামত ডি জে, আতছবাজী, পোহৰৰ খেলা আদি ব্যৱস্থা থাকিব। প্ৰসংগক্ৰমে শইকীয়াই কয় যে বি চি চি আইৰ সভাপতি, সচিৱকে ধৰি সকলোকে বৰ্ষাপাৰা খেলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।