বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ সময়ত পোৱা আঘাতৰ বাবে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত অংশগ্ৰহণ নকৰে জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই ৷ দেওবাৰে অৰেগনত ৮৮.১৩ মিটাৰ নিক্ষেপ কৰি ৰূপৰ পদক লাভ কৰা নীৰজে বিশ্ব চেম্পিয়নশ্বিপত প্ৰদৰ্শনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁ কমনৱেলথ গেমছ ফর্ষট্যাহাৰ কৰিব ৷ শেহতীয়াকৈ অৰেগনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰা নীৰাজে ফাইনেলত চতুৰ্থবাৰৰ বাবে থ্ৰ’ কৰাৰ পিছত উৰুৰ সমস্যাত ভোগা বুলি জানিব পৰা গৈছে ৷
অলিম্পিক পদক বিজয়ী নীৰজে কয় -“চতুৰ্থ থ্ৰ’ৰ পিছত মই মোৰ উৰুত অলপ অস্বস্তি অনুভৱ কৰিছিলো ৷ যাৰ বাবে মই মোৰ সর্বোচ্চ প্ৰদর্শণ কৰিব পৰা নাছিলো। “
ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ মহাসচিব ৰাজীৱ মেহতাই সংবাদ সংস্থা এএনআইক জনোৱা মতে, নীৰজ চোপ্ৰাই কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ নকৰে ৷ বিশ্ব এথলেটিক চেম্পিয়নশ্বিপৰ ফাইনেলত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে তেওঁ ফিট নহয় বুলিও তেওঁ উল্লেখ কৰে ৷ কমনৱেলথ গেমছত নীৰজে পদক জয়ৰ যথেষ্ট সম্ভাৱনা আছিল ৷