অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ এটা ভিডিঅ’ য়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত।অৱশ্যে খেলৰ বাবে নহয়,অভিনয়ৰ বাবেহে এই চৰ্চা লাভ কৰিছে খেলুৱৈ গৰাকীয়ে।
শেহতীয়াকৈ খেলুৱৈ গৰাকীয়ে এটা বিজ্ঞাপনত কৰা অভিনয়ে বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।ক্ৰেডৰ বাবে নিৰ্মাণ কৰা এই বিজ্ঞাপনটোত খেলুৱৈ গৰাকীয়ে কেইবাটাও চৰিত্ৰত অতি সাৱলীল অভিনয় কৰি সকলোৰে বাবে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।
নীৰজ চোপ্ৰাই নিজৰ এই বিজ্ঞাপনটো টুইটাৰত ’৩৬০ ডিগ্ৰী মাৰ্কেটিং’ নামেৰে কেপশ্যন লিখি শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে অতি কম সময়তে খেলুৱৈ গৰাকীৰ এই বিজ্ঞাপনটো কেইবালাখ লোকে প্ৰত্যক্ষ কৰা দেখা গৈছে।
এই বিজ্ঞাপনটোত খেলুৱৈ গৰাকীৰ অন্য এক প্ৰতিভাৰো উমান পোৱা গৈছে। বিভিন্ন লোকে প্ৰশংসাৰে উপচাই পেলোৱা খেলুৱৈজনৰ অভিনয় প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই তেওঁৰ এই বিজ্ঞাপন শ্বেয়াৰ কৰি লিখিছে ”মানুহে বায়পিকৰ কথা কৈ আছে,কিন্তু আপুনিটো অভিনয় জগততে আত্মপ্ৰকাশ কৰিলে।”
একেদৰে কেৱল অভিনয় শিল্পীয়েই নহয় বহু প্ৰাক্তন ক্ৰিকেটাৰেও খেলুৱৈজনৰ অভিনয় দেখি উচ্চ প্ৰশংসা কৰি টুইটাৰত মন্তব্য লিখিছে।প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগেও খেলুৱৈজনৰ এই বিজ্ঞাপনটো শ্বেয়াৰ কৰি এক ব্যতিক্ৰমী মন্তব্য লিখা দেখা গৈছে।