কথিত ভাষাত ‘গেমছ ভিলেজ’ নামেৰে অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক ৰখাৰ বাবে বিশেষ অট্টালিকা নিৰ্মাণ কৰা হয় ৷ কিন্তু এইবছৰ অলিম্পিকত নির্মাণ কৰা গেমছ ভিলেজৰ কোঠাবোৰত এয়াৰ কণ্ডিচনাৰ ব্যৱস্থা নাই। খেলুৱৈসকলৰ বাবে ই হ’ব এক নতুন অভিজ্ঞতা।
কিছুদিনৰ পাছত সমগ্ৰ ইউৰোপতে তাপমাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিব। কিন্তু আয়োজকসকলে এচি ব্যৱহাৰ নকৰাকৈ এক বিশেষ ধৰণৰ ‘কুলিং চিষ্টেম’ৰ ব্যৱস্থা কৰিছে। সেই সময়ৰ উষ্ণতাৰ বাবে অতিৰিক্ত শীতল কৰাৰ প্ৰয়োজন নহ’বও পাৰে। কিন্তু ঘৰখন শীতল কৰিবলৈ বিশেষ ধৰণৰ ‘কুলিং চিষ্টেম’ ৰখা হৈছে।
আয়োজকৰ হৈ এজন ব্যক্তিয়ে এটা সংবাদ সংস্থাক জনাইছে, ‘কোঠাবোৰ এনেদৰে বনোৱা হৈছে যে গৰমৰ দিনতো খেলুৱৈসকলে আৰামত থাকিব পাৰে। এই ঘৰবোৰত এচিৰ প্ৰয়োজন নাই। ইয়াক এনেদৰে তৈয়াৰ কৰা হয় যাতে সূৰ্যৰ পোহৰ বেছিকৈ সোমাই নাযায়। ফলত কোঠাটোৰ উষ্ণতা বৃদ্ধি নহ’ব। ইয়াৰ উপৰিও মাটিৰ তলৰ পৰা ঠাণ্ডা পানী সংগ্ৰহ কৰি এক বিশেষ প্ৰক্ৰিয়াৰে কোঠাবোৰ শীতল কৰি ৰখা হ’ব।” অলিম্পিকৰ পাছত প্ৰায় ৬,০০০ স্থানীয় লোকে সেই গেমছ ভিলেজত বাস কৰাৰ সুযোগ পাব। সাধাৰণতে গেমছৰ পিছত আয়োজকসকলে নিলাম কৰে এই গেমছ ভিলেজ ।