শেহতীয়াকৈ অনুষ্ঠিত আই পি এলৰ নিলামে ভাগ্যই সলনি কৰি পেলালে একাংশ উদীয়মান ক্ৰিকেটাৰে ৷ তদুপৰি জ্যেষ্ঠ বহু ক্ৰিকেটাৰে লাভ কৰিলে ভবাতকৈয়ো অধিক মূল্য ৷ আই পি এলৰ নিলামত ১০.৭৫ কোটি টকাত বিক্ৰী হোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ৱেষ্ট ইণ্ডিজৰ বেটছমেন নিকোলাছ পুৰাণ ৷ ইমান মূল্য লাভ কৰাৰ পাছতে পুৰাণে সতীর্থসকলক পিজ্জা পাৰ্টি প্ৰদান কৰে ৷ মুঠ ১৫ টা পিজ্জা অৰ্ডাৰ দি বিশেষভাৱে প্ৰস্তুত কৰাই আনে সতীর্থসকলৰ বাবে ৷ সম্প্ৰতি কলকাতাৰ হোটেলত বাহৰ পাতি থকা ক্ৰিকেটাৰ কেইজনক বাহিৰৰ খাদ্য খোৱাৰ অনুমতি নিদিয়াৰ বাবে হোটেলতে প্ৰস্তুত কৰা হয় পিজ্জাসমূহ ৷ ইয়াৰ বাবদ নিকোলাছৰ ব্যয় হয় ১৫ হেজাৰ টকা ৷ উল্লেখ্য যে বিগত চিজনত পুৰাণে পঞ্জাৱ কিংছৰ হৈ খেলি অত্যন্ত দুর্বল প্ৰদর্শন কৰা সত্বেও এইবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ক্ৰয় কৰে ৷
দেওবাৰে ভাৰতৰ বিৰুদ্ধে শৃংখলাটোৰ তৃতীয় আৰু অন্তিমখন টি-২০ৰ পিছত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰসকলে কলকাতাত এদিনৰ বাবে বিৰতি ল’ব ৷ মঙলবাৰে তেওঁলোক নিজ দেশলৈ ওভতি যাব ৷