ৰিঅ’ আৰু টকিঅ’ অলিম্পিকৰ পিছত পেৰিছত অংশ ল’ব শৰণাৰ্থী দলে। ৩৭ গৰাকী শৰণার্থী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ এই দেশহীন খেলুৱৈসকলে ১২ খন ভিন্ন খেল খেলিব। এই ৩৭ জন শৰণার্থীয়ে পেৰিছলৈ যোৱাৰ পথত বহু বাধা অতিক্ৰম কৰিছিল।
শৰণাৰ্থী দলটোৰ পতাকাবাহী হ’ব চিণ্ডী গাম্বা। তেওঁৰ জন্ম হৈছিল কেমেৰুণত। কিন্তু এতিয়া তেওঁ শৰণাৰ্থী। শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত শৰণাৰ্থী দলটোৰ বাবে পতাকা বহন কৰিব তেওঁ ৷ গাম্বাই কয়, “আমি সকলোৱে এটা গোট হিচাপে শৰণাৰ্থী। আমি খেলুৱৈ। একে সময়তে আমি যোদ্ধা। আমি সকলোৱে ভোকাতুৰ খেলুৱৈ। সকলোৱেই এটা পৰিয়াল। আমাক শৰণাৰ্থী হিচাপে ভাবে ৷ কিন্তু আমি খেলুৱৈ। আন দেশৰ খেলুৱৈৰ দৰে আমিও জয়ী হ’বলৈ আহিছো। আমিও পদক লাভৰ ভোকত আছো।”
২০১৫ চনত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ বাবে শৰণাৰ্থী এথলীটক বিবেচনা কৰা হৈছিল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ইয়াক কাৰ্যকৰী কৰা হৈছিল। শৰণাৰ্থী হিচাপে ১০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এইবাৰ ৩৭ গৰাকী খেলুৱৈয়ে সাঁতোৰ, মল্লযুঁজৰ দৰে বিভিন্ন খেলত অংশগ্ৰহণ কৰিব।
এইবাৰ অলিম্পিকত থাকিব ব্ৰেকিং। সেই খেলত অংশগ্ৰহণ কৰিব মণিঝা তালাছে। ২১ বছৰীয়া যুৱকজনে ৰাজপথত নাচি থকা এজন ব্যক্তিক দেখি অনুপ্ৰাণিত হৈছিল। তেওঁৰ জন্ম কাবুলত। কিন্তু ২০২১ চনৰ পৰা আফগানিস্তানৰ শাসন তালিবানৰ হাতলৈ যোৱাত সেই দেশত থকাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিল। তেওঁ শৰণাৰ্থী হিচাপে স্পেইনলৈ গৈছিল।
শৰণাৰ্থী হিচাপে টাইকোৱাণ্ডোত খেলিব ফৰ্জাদ মনছুৰীয়ে। মনছুৰীয়ে টকিঅ’তো খেলিছিল। ইয়াৰ পিছত তেওঁ আফগানিস্তানৰ হৈ খেলিছিল। তালিবানে দেশখন নিয়ন্ত্ৰণ কৰাৰ পিছত তেওঁ ব্ৰিটেইনলৈ ৰাওনা হয়। এই বছৰ শৰণাৰ্থী হিচাপে খেলিব। মনছুৰীয়ে দ্বিতীয়বাৰৰ বাবে অলিম্পিকলৈ যোৱাৰ সুযোগ পাইছে। মনছুৰীয়ে কয়, ‘আমাৰ দেশত শান্তি ঘূৰি আহিব বুলি আশা কৰিছো। সমগ্ৰ পৃথিৱীলৈ শান্তি ঘূৰি আহিব।”