ভাৰতৰ বাবে এক গৌৰৱৰ খবৰ যে এইবাৰ আগন্তুক ‘ফিফা বিশ্বকাপ ২০২২’ত প্ৰদৰ্শনৰ বাবে জেনিফাৰ লোপেজ আৰু চাকিৰাৰ সৈতে যোগদান কৰিছে ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী নোৰা ফাতেহীয়ে ৷ যি খবৰে আনন্দিত কৰিছে নোৰাৰ প্ৰতিগৰাকী অনুৰাগীক ৷ আনহাতে উৎফুল্লিত ভাৰতবাসীও ৷
বৰ্তমান সময়ত বলীউডৰ ডিভা নোৰা ফাতেহীয়ে যেন আকৌ এবাৰ এনে এক চমৎকাৰী পদক্ষেপেৰে ভাৰতক বিশ্বৰ দৰবাৰত এক সুকীয়া আসন দিবলৈ আগবাঢ়িছে। নিজৰ প্ৰতিভাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ জনপ্ৰিয়তাৰ শিখৰত উপণীত হোৱা জেনিফাৰ লোপেজ আৰু চাকিৰাৰ সৈতে ভাৰতৰ নোৰাৰ যোগদান প্ৰকৃতাৰ্থত এক গৌৰৱৰ বিষয় ৷ কিয়নো ‘ফিফা বিশ্বকাপ ২০২২’ত জেনিফাৰ লোপেজ আৰু চাকিৰাৰ সৈতে একেখন মঞ্চতে প্ৰদৰ্শন কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব ভাৰতৰ নোৰা ফটেহীৰ নাম ৷ তেওঁ অহা ডিচেম্বৰত ‘ফিফা বিশ্বকাপ ২০২২’ৰ মঞ্চত ভাৰত আৰু দক্ষিণ-পূব এছিয়াক প্ৰতিনিধিত্ব কৰি একমাত্ৰ অভিনেত্ৰী হিচাপে পৰিগণিত হ’ব নোৰা ফাটেহী ।