শেহতীয়কৈ পোহৰলৈ আহিছে ক্ৰীড়া জগতৰ এক আশ্চৰ্যকৰ তথ্য ৷ উৰিষ্যাত জন্মগ্ৰহণ কৰা অলিম্পিয়ান দুতি চান্দে দাবী কৰিছে যে ২০০৬-০৮ বৰ্ষৰ পৰা ভুৱনেশ্বৰৰ ক্ৰীড়া ছাত্ৰাবাসত থকা সময়ত জ্যেষ্ঠসকলৰ দ্বাৰা ৰেগিঙৰ ভুক্তভোগী হৈছিল খেলুৱৈগৰাকী ।
শনিবাৰে বিজেবি স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে তেওঁৰ হোষ্টেলত আত্মহত্যা কৰাৰ পিছতে সামাজিক মাধ্যমৰ পোষ্টৰ উত্তৰত চান্দে ৰেগিঙৰ ফলত তেওঁৰ জীৱন শেষ হোৱাৰ আশংকাৰ কথা ৰাজহুৱা ভাৱে ব্যক্ত কৰি কয় যে ,”দিদিজ (জ্যেষ্ঠসকলে) মোক তেওঁলোকৰ শৰীৰ মালিচ কৰিবলৈ আৰু ক্ৰীড়া ছাত্ৰাবাসত তেওঁলোকৰ কাপোৰ ধুবলৈ বাধ্য কৰিছিল” ।
আনহাতে জ্যেষ্ঠসকলে তেওঁৰ বিত্তীয় বিষয় সন্দৰ্ভতো বিৰূপ মন্তব্য কৰিছিল ৷ লগতে স্প্ৰিণ্টাৰজনে কৈছিল যে তেওঁৰ অভিযোগবোৰ কৰ্তৃপক্ষই কেতিয়াও মনোযোগ দিয়া নাছিল।অলিম্পিয়ান চান্দে পুনৰ কয় যে “যেতিয়া মই হোষ্টেলৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত অভিযোগ কৰিছিলো, মোক গালি দিয়া হৈছিল। এইটোৱে মোৰ ওপৰত মানসিক প্ৰভাৱ পেলাইছিল। মই সেই সময়ত অসহায় হৈ পৰিছিলো,” ।
উল্লেখযোগ্য যে শণিবাৰে ১৯ বছৰীয়া এগৰাকী ছাত্ৰীক মহিলা ছাত্ৰাবাসত তেওঁৰ কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল আৰু আৰক্ষীয়ে সেই স্থানত এটা চুইচাইড নোট পাইছিল য’ত মহিলাগৰাকীয়ে কৈছিল যে তেওঁক মহাবিদ্যালয়ৰ তিনিজন জ্যেষ্ঠই মানসিকভাৱে হাৰাশাস্তি কৰিছিল। শনিবাৰৰ উক্ত ঘটনাৰ পিছতে বিজেবি স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ঘটনাটোৰ বিৰুদ্ধে ৰাজ্যৰ ৰাজধানীৰ সন্মানীয় শিক্ষানুষ্ঠানৰ বাহিৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তে চান্দে এই অভিযোগ উত্থাপন কৰিছিল ।
অৱশ্যে ভূৱনেশ্বৰৰ ক্ৰীড়া ছাত্ৰাবাসৰ কৰ্তৃপক্ষই এতিয়াও চান্দৰ দ্বাৰা আৰোপ কৰা অভিযোগৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।