আজি পুৱা জলন্ধৰত দেহাৱসান ঘটে ভাৰতীয় হকী দলৰ হৈ অলিম্পিক আৰু বিশ্বকাপ পদক বিজয়ী ভাৰতৰ জনপ্ৰিয় হকী খেলুৱৈ ৱৰিন্দৰ সিঙৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। ১৯৭০ ৰ দশকত ভাৰতৰ বহু স্মৰণীয় বিজয়ৰ এক অবিচ্ছেদ্য অংগ আছিল ৱৰিন্দৰ সিং ৷ ১৯৭৫ চনত কুয়ালালামপুৰত অনুষ্ঠিত পুৰুষ হকী বিশ্বকাপত স্বৰ্ণ পদক বিজয়ী ভাৰতীয় দলৰ অংশ আছিল তেওঁ । উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত সোণৰ পদক জয় কৰা ভাৰতীয় দলটোৱে ফাইনেলত চিৰ প্ৰতিদ্বন্দী পাকিস্তানক ২-১ গ’লত পৰাস্ত কৰিছিল।
খেলুৱৈ গৰাকী ১৯৭২ চনৰ মিউনিখ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী দলৰো অংশ আছিল ৷ আনহাতে তেওঁ ১৯৭৩ চনত আমষ্টাৰডামত অনুষ্ঠিত বিশ্বকাপত ভাৰতীয় হকী দলৰ হৈ ৰূপৰ পদকো লাভ কৰিছিল। ১৯৭৪ আৰু ১৯৭৮ চনৰ এছিয়ান গেমছতো ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছিল ৱৰিন্দৰ সিঙে। ভাৰতীয় হকী দলৰ প্ৰখ্যাৎ খেলুৱৈগৰাকীয়ে ১৯৭৫ চনৰ মণ্ট্ৰিয়েল অলিম্পিকতো অংশগ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে ২০০৭ চনত ৱৰিন্দৰক সন্মানীয় ‘ধ্যান চান্দ লাইফটাইম এচিভমেণ্ট বঁটা’ প্ৰদান কৰা হয়।
সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰতিগৰাকী ক্ৰীড়া প্ৰেমী ৰাইজে ।