আই পি এলৰ প্ৰথমখন মেচত মাত্ৰ ৬ ৰানত পৰাস্ত হয় মুম্বাই ইণ্ডিয়ানছ। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই নিজৰ পুৰণি দলৰ বিৰুদ্ধে জয়ী হ’ব নোৱাৰিলে ৷ তিলক বাৰ্মাৰ ভুল সিদ্ধান্তই দলটোক পৰাস্ত কৰিলে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৷ খেলৰ অন্তত হাৰ্দিকে নিজৰ সতীৰ্থৰ বিষয়ে মুকলিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
তিলকে ৰান নোলোৱাৰ বাবেই মুম্বাই হাৰিলে নেকি? এই প্ৰশ্ন উত্থাপন হৈছে । হাৰ্দিকে অৱশ্যে তিলকৰ ওপৰত আস্থা ৰাখিছে বুলি কয়, ‘মই ভাবো তিলক সেই সময়ত অনুভৱ কৰিছিল যে ৰাণ নোলোৱাৰ সিদ্ধান্ত শুদ্ধ। তেওঁ নিজেই ৰছিদৰ ওপৰত খেলিব বিচাৰিছিল। ক্ৰিকেটত এনে ঘটনা ঘটিব পাৰে। মোৰ তিলকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। এতিয়াও ১৩খন মেচ বাকী আছে।” গুজৰাটৰ বিৰুদ্ধে ১৬৯ ৰাণৰ পৰিৱর্তে ৬ ৰানত পৰাস্ত হয় মুম্বাই।