মণিপুৰ ভাৰতৰ ৰাজ্য বিলাকৰ ভিতৰত এখন সৰু ৰাজ্য। মণিপুৰ বিশেষকৈ খেলা-ধুলা , স্বকীয় নৃত্য , পৰম্পৰাগত সাজ-পোছাক আৰু মহিলা সকলৰ স্বাৱলম্বিতাৰ কাৰণে অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে পৰিচিত।
মেৰী কম এনে এখন সৰু ৰাজ্যৰে বিশ্ব বিখ্যাত এগৰাকী বক্সাৰ। ১৯৮৩ চনৰ ১ মাৰ্চত মনিপুৰৰ চূড়াচান্দপুৰ জিলাত কামগ্ৰাথেই নামৰ ঠাইত মেৰী কমৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম মেংটি টনপা কম আৰু মাকৰ নাম মেংটি আখম কম। মেৰী কমৰ দেউতাক পাহাৰত ঝুম খেতি কৰি জীৱন নিৰ্বাহ কৰা এজন সাধাৰণ খেতিয়ক।
মেৰী কমৰ শিক্ষা জীৱন আৰম্ভ হৈছিল ঘৰৰ ওচৰতে থকা বিদ্যালয়ত। অষ্টম শ্ৰেণীলৈকে দুখন খ্ৰীষ্টান স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত মেৰী কমে ইম্ফলৰ আদিম জাতি হাই স্কুলত নৱম আৰু দশম শ্ৰেণী শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত চূড়াচান্দপুৰ কলেজত বি , এ পঢ়ি তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
সৰু কালৰে পৰা খেলা- ধুলাৰ প্ৰতি ৰাপ থকা মেৰী কমে স্কুল-কলেজত হোৱা প্ৰতিযোগীতা সমূহত অংশ গ্ৰহণ কৰিছিল । ২০০০ চনত বক্সাৰ দিংকো সিঙৰ কৃতকাৰ্যতাই তেওঁক বক্সিঙৰ প্ৰতি আকৰ্ষিত কৰি তোলাত ৰাজ্যিক বক্সিং প্ৰশিক্ষক নৰজিৎ সিঙৰ ওচৰত প্ৰশিক্ষণ লয়। মেৰী কমে বক্সিঙৰ প্ৰশিক্ষণ লোৱাৰ পাছত ভাৰত -এছিয়া আৰু আন্তৰ্জাতিক পৰ্যায়ত হোৱা বক্সিং প্ৰতিযোগীতাত যোগদান কৰি সাফল্য লাভ কৰাৰ লগতে দেশবাসীক গৌৰাৱান্বিত কৰিবলৈ সক্ষম হয়।
মেৰী কম ৰাষ্ট্ৰীয় পৰ্যায়ত , আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগীতাত সন্মান লাভ কৰাৰ উপৰিও পদ্মভূষণ , অৰ্জুন বঁটা , পদ্মশ্ৰী , ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আদিৰেও বিভূষিত হয়।
মেৰী কম এগৰাকী সমাজ সেৱিকা হিচাপেও পৰিচিত।তেওঁ ‘পেটা’ নামৰ এটা সংস্থাৰ সদস্য হৈ বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে বহুতো কাম কৰি আহিছে। চাৰ্কাছ বিলাকত জীৱ-জন্তু বিলাকক মাৰ ধৰ কৰি খেলৰ প্ৰশিক্ষণ দিয়া বাবে হাতী আৰু আন আন জীৱ জন্তু বোৰৰ খেল বন্ধ কৰিবলৈ আহ্বান জনাইছে।
বিশ্বৰ বিশিষ্ট খেলুৱৈ মেৰী কমৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণ কৰি তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শণ কৰা হৈছে। মেৰী কমৰ সাফল্যৰ কাৰণে মণিপুৰৰ লগতে সমগ্ৰ ভাৰতবাসীয়েই গৌৰাৱান্বিত।
আজি মেৰী কমৰ জন্ম দিন। বিশ্ববিখ্যাত খেলুৱৈ গৰাকীৰ জন্মদিনত যাঁচিছো বহুত বহুত শুভকামনা। তেওঁ সু স্বাস্থ্যৰে থাকক এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।