এছিয়া কাপত পৰাজয়ৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হয় । অধিনায়ক বাবৰ আজম আৰু উপ-অধিনায়ক ছাদাব খানও বৈঠকত উপস্থিত থাকে ৷ এছিয়া কাপত নেপালক পৰাস্ত কৰি আৰম্ভণি কৰিছিল পাক দলে । কিন্তু ছুপাৰ ফ’ৰত ভাৰত আৰু শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হৈ এছিয়া কাপৰ পৰা বাহিৰ হয় ৷ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তান । ইয়াৰ পিছত ব’ৰ্ড আলোচনাত মিলিত হয় । তেওঁলোকে বিশ্বকাপৰ আগত সকলো ভুল শুধৰাব বিচাৰিছে ৷
এছিয়া কাপত ভাৰতৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত হয় পাকিস্তান। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী জাকা আছৰাফ, প্ৰশিক্ষক মিকি আৰ্থাৰ, অধিনায়ক বাবৰ আজম, উপ-অধিনায়ক ছাদাব খান, প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজ আৰু মিছবাহ উল হক এনে অপমানজনক পৰাজয়ৰ পিছত এই বৈঠকত উপস্থিত থাকে। সেই বৈঠকত বিভিন্ন টি-২০ লীগত খেলাটোৱেই ক্ৰিকেটাৰসকলৰ ক্লান্তিৰ আঁৰৰ কাৰণ হিচাপে আলোকপাত কৰা হৈছিল।
ইয়াৰ পূৰ্বে পাকিস্তানী ক্ৰিকেটাৰে বিদেশী লীগত খেলাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। ব’ৰ্ডে কঠোৰ সিদ্ধান্ত লোৱাৰ পক্ষপাতী। লগতে ক্ৰিকেটাৰক অত্যধিক বিদেশী লীগত খেলিব নিদিয়াৰ সিদ্ধান্ত লোৱা হ’ব বুলিও চর্চা আৰম্ভ হৈছে ৷ পাক ব’ৰ্ডৰ মুৰব্বী আশ্ৰফে এই বৈঠকৰ পিছত কোনো সিদ্ধান্ত ঘোষণা কৰা নাছিল। কিন্তু তেওঁ কয় যে এই লীগৰ বাবেই সমস্যা হৈছে। তেওঁ কয়, “আলোচনাৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে। ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই ক্ৰিকেটাৰক বিদেশী লীগত খেলিবলৈ বাধা দিয়া হোৱা নাছিল। ফলত ক্ৰিকেটাৰসকল দেশৰ হৈ খেলি ভাগৰি পৰিল। ক্ৰিকেটাৰসকলৰ সৈতে কথা পাতি দেশক অগ্ৰাধিকাৰ দি অনাগত দিনত সিদ্ধান্ত লোৱা হ’ব।’
আশ্ৰফে কয় যে সমস্যাৰ সমাধানৰ কথা মনত ৰাখি আলোচনা কৰা হৈছে। পাক ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে কয়, ‘এই বৈঠকৰ জৰিয়তে সকলোৱে সকলো কথা আলোচনা কৰিব পৰা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে। দলীয় প্ৰদৰ্শনৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। সমস্যাৰ ক্ষেত্ৰসমূহ বিচাৰি উলিয়াই সমাধানৰ প্ৰয়াস কৰা হৈছে। দলৰ মংগলৰ বাবে ই গুৰুত্বপূৰ্ণ।”
৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ভাৰতৰ মাটিত খেলিবলৈ আহিব পাকিস্তান। আশ্ৰফে কয়, ‘অতি ইতিবাচক আলোচনা হৈছিল। এছিয়া কাপৰ পৰা আমি বহু কথা শিকিলোঁ। সেইটোৱে আমাক বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিব। দলটোত আছে কেইবাজনো প্ৰতিভাৱান খেলুৱৈ। আন্তঃৰাষ্ট্ৰীয় মেচত জয়ী হোৱাৰ ক্ষমতা আছে। দলটোক অত্যাধুনিক সা-সঁজুলি যোগান ধৰা হৈছে। আশাকৰোঁ সকলোৱে নিজৰ শ্ৰেষ্ঠ খেলিব।”