পাকিস্তান ক্ৰিকেট দল সাত বছৰৰ মূৰত ভাৰতত খেলিবলৈ আহিছে । বছিৰ চাচাও সাত বছৰৰ মূৰত ভাৰতলৈ আহিছে । তেওঁক পাকিস্তানৰ “ছুপাৰফেন” বুলি জনা যায়। কিন্তু হায়দৰাবাদ পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ বিয়পি পৰে । কিন্তু বছিৰ চাচাই নিজেই প্ৰকাশ কৰিছে যে এয়া ভুল তথ্য ৷
বিশ্বকাপত পাকিস্তানৰ খেল চাবলৈ ভাৰতলৈ আহিছে বছিৰ চাচা ৷ তেওঁ কয়, ‘পাকিস্তানৰ দলটোক আদৰিবলৈ মই বিমানবন্দৰলৈ গৈছিলো। তাত মোক আটক কৰা হোৱা নাছিল। মই পাকিস্তানৰ পতাকা উৰুৱাই আছিলো। নিৰাপত্তাজনিত কাৰণত মোক বাধা দিয়া হৈছিল। পতাকাখন লৈ গ’ল। বিমানবন্দৰৰ পৰা পাকিস্তানৰ দলটো ওলাই যোৱা পাছত মোক পুনৰ ওভতাই দিয়া হ’ল ৷ বৰ ভাল আদৰণি জনোৱা হৈছে । বিশ্বকাপ চাবলৈ ভাৰতলৈ আহি ভাল লাগিছে ।”
২০১৬ চনত টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিছিল পাকিস্তান। বছিৰ চাচাও সেই সময়ত আহিছিল। বুধবাৰে বিশ্বকাপ খেলিবলৈ ভাৰতত উপস্থিত হৈছিল বাবৰ আজমৰ দল। দলটোক সমৰ্থন কৰিবলৈ আহি বছিৰে কয়, ‘মই বহু বছৰ ধৰি পাকিস্তান ক্ৰিকেট দলৰ সমৰ্থক। পাকিস্তানে য’ত খেলিবলৈ যাব তাতেই মই যাম। মোক আটক কৰাৰ কোনো ঘটনা হোৱা নাছিল ৷ আমাক এনেদৰে আদৰণি জনোৱাৰ বাবে ভাৰত আৰু হায়দৰাবাদক ধন্যবাদ।”
শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব পাকিস্তানে। সেই মেচত অনুৰাগীক খেলপথাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। বছিৰে কয়, ‘মই জানো যে অনুৰাগীক ৱাৰ্ম আপ মেচত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। কিন্তু মই দলটোক সমৰ্থন কৰিম। খেলপথাৰত সোমাব নোৱাৰিলেও মই যাম। আগতেও সমৰ্থন কৰা দৰে এইবাৰো কৰিম। ভাৰতবৰ্ষ এখন অতি সুন্দৰ দেশ। ইয়াত সকলো সময়তে ইয়াত আদৰ পাইছো ইয়াৰ বিৰিয়ানী অতি সুস্বাদু ।”