মঙলবাৰে চেম্পিয়নছ লীগৰ দ্বিতীয় লেগত নিউ’ কেম্পত দহজনীয়া বাৰ্চিলোনাক ৪-১ গ’লত পৰাস্ত কৰি পেৰিছ চেণ্ট জাৰ্মেইনে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ফ্ৰান্সৰ তাৰকা কাইলিয়ান এমবাপে দুটা গ’লৰে নায়ক হিচাপে পৰিগণিত হৈছে। আনহাতে, বৰুছিয়া ডৰ্টমুণ্ডে এটলেটিকো মাদ্রিদক ৪-২ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷
বাৰ্চিলোনাৰ হৈ দিনটোৰ আৰম্ভণি কৰিছিল ৰাফিনহাই। ১২ মিনিটত তেওঁ কোনো ভুল নকৰিলে যেতিয়া লামিন ইয়ামালৰ চেণ্টাৰে সোঁফালৰ পৰা গ’ল দিয়ে। কিন্তু ২৯ মিনিটত ৰঙা কাৰ্ড দেখুৱাই ৰ’নাল্ড আৰাউজোক বাহিৰ কৰি দিয়া হয়, যাৰ ফলত বার্চিলোনা দহজনলৈ হ্ৰাস পায়। ৪০ মিনিটত পি এছ জিৰ হৈ অউছমান ডেম্বলেই সমতা স্থাপন কৰে। পৰৱর্তী সময়ত এমবাপেই দুটা গ’ল দি বার্চিলোনাক পৰাজিত কৰে ৷