অৱসৰৰ পিছত পুনৰ ক্ৰিকেটলৈ ঘূৰি আহিল বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক তামিম ইকবাল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। এদিনীয়া ক্ৰিকেটত বাংলাদেশৰ অধিনায়ক আছিল তামিম। কিন্তু বৃহস্পতিবাৰে হঠাতে সংবাদমেল আহ্বান কৰি তেওঁ আৰু খেলিব নোৱাৰিব বুলি অৱগত কৰে। কিন্তু ২৯ ঘণ্টাৰ ভিতৰত অৱসৰ বাতিল কৰা হয়। তামিমে খেলিব বুলি পুনৰ ঘোষণা কৰে ৷ এই সিদ্ধান্ত সলনিৰ আঁৰত আছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।
শুকুৰবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানত তামিমে তেওঁক সাক্ষাৎ কৰে ৷ তিনি ঘণ্টা ধৰি তেওঁলোকে আলোচনাত মিলিত হয় ৷ ইয়াৰ পিছত তামিমে কয় যে তেওঁ অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে ৷ তামিমে কয়, ‘প্ৰধানমন্ত্ৰীয়ে মোক দুপৰীয়া নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল। তেওঁৰ লগত দীঘলীয়া আলোচনা হৈছিল। তেওঁ মোক খেললৈ উভতি যাবলৈ নিৰ্দেশ দিছে। মই অৱসৰ লৈছো। সকলোকে নকলেও দেশৰ প্ৰধানমন্ত্ৰীক না ক’বলৈ মোৰ বাবে সম্ভৱ নহয়।“
বৃহস্পতিবাৰে চট্টগ্ৰামত সংবাদমেল আহ্বান কৰে তামিমে। আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলি আছে বাংলাদেশে। উপস্থিত সাংবাদিকসকলে কল্পনাও কৰিব পৰা নাছিল যে অধিনায়কজনে হঠাতে অৱসৰ লোৱাৰ সিদ্ধান্ত ল’ব। হঠাতে ১৬ বছৰীয়া কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে তামিমে। বৃহস্পতিবাৰে তেওঁ কয় –“ এইটোৱেই মোৰ শেষ। মই মোৰ শ্ৰেষ্ঠখিনি দিলোঁ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছো । মোৰ ১৬ বছৰীয়া যাত্ৰাত মোক সহায় কৰাৰ বাবে মোৰ সতীৰ্থ, প্ৰশিক্ষক, বাংলাদেশ ক্ৰিকেট ব’ৰ্ড আৰু মোৰ পৰিয়ালক বহুত বহুত ধন্যবাদ। আগলৈ আপোনালোকেও মোক ভাল পাব বুলি আশা কৰিলো।“
অৱসৰ ঘোষণা কৰাৰ সময়ত তামিমে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। চকুলো টুকি অৱসৰৰ কথা ঘোষণা কৰাৰ পিছতো তামিমে হঠাতে অৱসৰ লোৱাৰ কোনো কাৰণ নিদিলে।