টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে মেথিউ ৱেডে। তেওঁ আই পি এলত গুজৰাট টাইটানছৰ হৈ খেলে । কিন্তু প্ৰথম দুখন মেচ খেলিব নোৱাৰিব ৱেডে । অষ্ট্ৰেলিয়াত ঘৰুৱা ক্ৰিকেটত নিজৰ দেশৰ হৈ খেলিব ৱেডে ৷ তাতেই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব তেওঁ । টি-২০ মেচত অধিক গুৰুত্ব দিবলৈ তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেওঁক টি-২০ বিশ্বকাপত দেখা যাব।
শুকুৰবাৰে ৩৬খন টেষ্ট খেলা ৱেডে কয় –‘ টেষ্ট ক্ৰিকেটৰ প্ৰত্যাহ্বান আছে। ভাল লাগিল। কিন্তু এতিয়া মই কেৱল বগা বল ক্ৰিকেট খেলিব বিচাৰো। মোৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ হৈ খেলা। সেইটোক মই অগ্ৰাধিকাৰ দিম। টেষ্ট খেলিব নোৱাৰাৰ বাবে বগা বল ক্ৰিকেটত মই অধিক শক্তিশালী হ’ম। জিমত অধিক সময় কটাব পাৰিম। মই বহুদিন বগা বল ক্ৰিকেট খেলিব পাৰো। সেইবাবেই মই টেষ্টৰ পৰা অৱসৰ লৈছো।”
৩৬ খন টেষ্টত ১৬১৩ ৰান সংগ্ৰহ কৰে ৩৬ বছৰীয়া ৱেডে। ৰেডবল ক্ৰিকেটত তেওঁৰ চাৰিটা আন্তঃৰাষ্ট্ৰীয় শতক অর্জন কৰিছে । এদিনীয়া ক্ৰিকেটতো সুযোগ পোৱা নাই ৱেডে। অৱশ্যে তেওঁ এতিয়াও টি-২০ত অষ্ট্ৰেলিয়াৰ হৈ খেলে।
আগন্তুক আই পি এলত গুজৰাটৰ প্ৰথমখন খেল ২৪ মাৰ্চত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । দ্বিতীয়খন খেল ২৬ মাৰ্চত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ২১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ ব্যস্ত থাকিব ৱেড। ইয়াৰ পিছত তেওঁ আই পি এলৰ ফ্ৰেঞ্চাইজি শিবিৰত যোগদান কৰিব।