ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল মেচ ৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ এই ফাইনেল মেচক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত সৃষ্টি হৈছে ব্যাপক উৎকণ্ঠা ৷ ফাইনেল মেচৰ লগতে কাইলৈ অনুষ্ঠিত হ’ব বর্ণাঢ্য সামৰণি অনুষ্ঠান ৷ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ আয়োজক ব’ৰ্ড অৱ কণ্ট্ৰ’ল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া চমুকৈ বিচিচিআইয়ে ঘোষণা কৰিছে সামৰণি অনুষ্ঠানৰ সৱিশেষ । ষ্টাৰ স্প’ৰ্টছে ইয়াৰ পূৰ্বে এটা টুইটযোগে ইংগিত দিছিল যে সামৰণি নিশা দুৱা লিপাই অনুষ্ঠান পৰিৱেশন কৰিব পাৰে। কিন্তু বি চি চি আইৰ সূচীত তেওঁৰ নাম অন্তভুর্ক্ত হোৱা নাই ৷
বিশ্বকাপ ২০২৩ৰ সামৰণি অনুষ্ঠান চাৰিটা ভিন্ন শ্ব’ত বিভক্ত কৰা হৈছে। টছৰ ঠিক পিছতেই আৰম্ভ হ’ব সূৰ্য্যকৰণ আই এ এফ এয়াৰশ্ব’ৰ’। দুপৰীয়া ১.৫০ বজাত ইয়াৰ সামৰণি পৰাৰ লগে লগে দুয়োখন দেশৰ জাতীয় সংগীত পৰিৱেশন কৰা হ’ব আৰু তাৰ পিছত দুপৰীয়া ২ বজাত মেচ আৰম্ভ হ’ব ৷
প্ৰথম ইনিংছৰ বিৰতিত ক’ক ষ্টুডিঅ’ ইণ্ডিয়াৰ ভাইৰেল গীত খালাচীৰ মিউজিক প্ৰযোজক আদিত্য গাধৱীৰ দ্বাৰা পৰিবেশন কৰা হ’ব। ইনিংছ বিৰতিৰ অনুষ্ঠানত সংগীত শিল্পী প্ৰীতম চক্ৰৱৰ্তী, গায়িকা জ’নিতা গান্ধী, নকাশ আজিজ, অমিত মিশ্ৰ, আকাছা সিং আৰু তুষাৰ যোশীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। ২য় ইনিংছ ব্ৰেকত ষ্টেডিয়ামত লেজাৰ আৰু লাইট শ্ব’ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে ৫ অক্টোবৰত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী সংঘৰ্ষৰ পূৰ্বে আহমেদাবাদত কোনো উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল।ফাইনেলৰ এদিন পূৰ্বে সামৰণি অনুষ্ঠান ঘোষণা কৰা হৈছিল। ফাইনেল মেচ চাবলৈ ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ বা তেওঁৰ উপ-প্ৰধানমন্ত্ৰী উপস্থিত থাকিব পাৰে বুলি খবৰ ওলাইছে।
আন এক প্ৰতিবেদনত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিশ্বকাপ বিজয়ী সকলো অধিনায়কক বিশ্বকাপৰ ফাইনেললৈ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতৰ বিশ্বকাপ বিজয়ী দুগৰাকী অধিনায়ক এম এছ ধোনী আৰু কপিল দেৱৰ লগতে ক্লাইভ লয়ড, এলান বৰ্ডাৰ, ৰিকি পণ্টিং আদিৰ সৈতে উপস্থিত থকাৰ সম্ভাৱনা আছে। অধিনায়ক হিচাপে যোৱা বিশ্বকাপত জয়ী হোৱা ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গান ইতিমধ্যে সম্প্ৰচাৰ দলৰ অংশ হিচাপে ভাৰতত আছে।
১,৩০,০০০ৰো অধিক অনুৰাগীয়ে ভৰি পৰিব ষ্টেডিয়ামখন। তেওঁলোকে উচ্চমানৰ মনোৰঞ্জনৰ সাক্ষী হ’ব। কিন্তু সকলোৰে দৃষ্টি নিৱদ্ধ হৈ ঠাকিব টিম ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ ওপৰত থাকিব ৷