১৭ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ প্ৰাগনানন্দা ৰমেশবাবুয়ে আজি এফটিএক্স ক্ৰিপ্টো কাপত ছয় মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন মেগনাস কাৰ্লচেনক পৰাস্ত কৰে।মিয়ামীত অনুষ্ঠিত চেম্পিয়নছ চেছ ট্যুৰৰ আমেৰিকান ফাইনেলত ২-২ ৰ টাইত খেলখন সমাপ্ত হোৱাৰ পিছত প্ৰাগনানন্দাই ব্লিটজ টাইব্ৰে’ক ৰাউণ্ডত কাৰ্লচেনক পৰাস্ত কৰিবলৈ সক্ষম হয়।
কাৰ্লচেন খেলখন জিকাৰ পথত আছিল যদিও অৱশেষত প্ৰাগনানন্দাৰ ওচৰত পৰাজয় বৰণ কৰে বিশ্ব চেম্পিয়ন গৰাকীয়ে ৷ অৱশ্যে, পৰাজয়স্বত্বেও কাৰ্লছেনে উচ্চতৰ স্ক’ৰৰ ভিত্তিত ইভেণ্টটো জিকিবলৈ সক্ষম হৈছিল আৰু প্ৰাগনানন্দা দ্বিতীয় স্থানত আছিল।
লক্ষণীয় যে এই বছৰৰ ফেব্ৰুৱাৰীত এটা অনলাইন চেম্পিয়নশ্বিপত প্ৰাগনানন্দাই বিশ্ব চেম্পিয়ন মেগনাস কাৰ্লচেনক হতবাক কৰি দিছিল। আনহাতে ২০১৬ চনত, তেওঁ ১০ বছৰ বয়সতে ইতিহাসৰ আটাইতকৈ কম বয়সীয়া আন্তৰ্জাতিক মাষ্টাৰ হিচাপে পৰিগণিত হৈছিল।
মে’ মাহত, প্ৰাগনানন্দাই চেচেবল মাষ্টাৰ্ছ অনলাইন ৰেপিড দবা টুৰ্ণামেণ্টত কাৰ্লচেনক পুনৰ পৰাস্ত কৰে।