ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এইবাৰৰ আই পি এলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰিছে। অহা ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। প্ৰথমখন খেলত কোন দুটা দলৰ মুখামুখি হ’ব সেয়াও ঘোষণা কৰা হৈছে। প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছ খেলপথাৰত প্ৰৱেশ কৰিছে। মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব হাৰ্দিক পাণ্ডিয়াৰ দল । আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দুয়োটা দল মুখামুখি হ’ব। তাতেই অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান ।
গ্ৰুপ পৰ্যায়ত মুঠ ৭০খন খেল অনুষ্ঠিত হ’ব। ২১ মে’ত গ্ৰুপ পৰ্যায়ৰ খেলৰ অন্ত পৰিব। ২৮ মে’ত অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল।এইবাৰৰ আই পি এলতো যোৱাবাৰৰ দৰে দুটা গ্ৰুপ আছে। গ্ৰুপ এৰ পাঁচটা দল হ’ল – মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। গ্ৰুপ বিৰ পাঁচটা দল হ’ল — চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাব কিংছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছ।
এইবাৰ ১২খন খেলপথাৰত অনুষ্ঠিত হ’ব আই পি এল। অৰ্থাৎ ১০টা দলৰ ১০খন খেলপথাৰৰ বাহিৰেও তালিকাত আৰু ২খন খেলপথাৰ আছে। এই ১২ টা স্থান হ’ল – আহমেদাবাদ, মোহালী, লক্ষ্ণৌ, হায়দৰাবাদ, বাংগালুৰু, চেন্নাই, কলকাতা, জয়পুৰ, মুম্বাই, গুৱাহাটী আৰু ধৰ্মশালা।