ছিংগাপুৰ অ’পেনৰ খিতাপ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িলে ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু ৷ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত শনিবাৰে জাপানৰ ছায়েনা কাৱাকামীৰ বিৰুদ্ধে তেওঁ বিজয় সাৱ্যস্ত কৰে ৷ চলিত বৰ্ষত চৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় আৰু ছুইছ অ’পেনত দুটাকৈ ছুপাৰ ৩০০ খিতাপ দখল কৰা অলিম্পিক পদক বিজয়ী সিন্ধুৱে ৩২ মিনিটৰ ছেমিফাইনেলত ২১-১৫ ২১-৭ ছেটত জয়লাভ কৰে।২০১৮ চনৰ চাইনা অ’পেনত শেষবাৰৰ বাবে খেলিছিল সিন্ধুৱে ৷ চলিত বর্ষত প্ৰথমটো ছুপাৰ ৫০০ খিতাপ দখলৰ বাবে সিন্ধুক এতিয়া প্ৰয়োজন মাত্ৰ এটা জয়ৰ ৷ ছেমিফাইনেল খেলখনত শ্বাটলাৰ গৰাকীয়ে আৰম্ভনিৰ পৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয় ৷ প্ৰতিদ্বন্দী গৰাকীয়ে চলোৱা আপ্ৰাণ প্ৰয়াস চলায় যদিও ব্যর্থ হয় ৷