অহা ২০ নৱেম্বৰৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ পূৰ্বে আগশাৰীৰ বিমান পৰিবাহী প্ৰতিষ্ঠান কাটাৰ এয়াৰৱেজে ১০ হাজাৰ নতুন কর্মচাৰী নিযুক্তি দিব ৷ দোহাস্থিত এই বিমান পৰিবাহী প্ৰতিষ্ঠানটোৱে বৰ্তমান প্ৰায় ৪৫ হাজাৰৰ পৰা ইয়াৰ মুঠ কৰ্ম বাহিনীৰ সংখ্যা ৫৫ হাজাৰতকৈ বৃদ্ধি কৰিব ৷
অৱশ্যে নতুন পদসমূহৰ ভিতৰত কিমানটা স্থায়ী হ’ব সেই সন্দৰ্ভত বিমান সংস্থাটোৱে স্পষ্ট কৰা নাই। মহামাৰীৰ সময়ত কাটাৰ এয়াৰৱেজে ২০২০ চনত বিমান পৰিবহন সেৱা ৩৩খন চহৰলৈ হ্ৰাস কৰাৰ পিছত কৰ্মচাৰীৰ সংখ্যা ৩৭ হাজাৰলৈ হ্ৰাস পায় ৷ যোৱা মাহত ফিলিপাইনছ, ভাৰত, আৰু অন্যান্য দেশত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷
প্ৰতিযোগিতাখনৰ সময়ছোৱাত কাটাৰ এয়াৰৱেজে দোহাত উপস্থিত হোৱা অতিৰিক্ত বিমানৰ বাবে ঠাই সৃষ্টি কৰিবলৈ নিজৰ সূচীৰ ৭০শতাংশ সালসলনি কৰিছে ৷ অনুৰাগীৰ চাহিদা পূৰণৰ বাবে অন্যান্য বিমান বাতিল কৰিছে ৷
আন বিমান সংস্থাসমূহেও কাটাৰলৈ বিমান সেৱা বহু পৰিমাণে বৃদ্ধি কৰিব ৷ এই অনুষ্ঠানৰ বাবে এটা পুৰণি বিমানবন্দৰ পুনৰ মুকলি কৰা হৈছে ৷
নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ফুটবল বিশ্বকাপৰ বাবে কাটাৰলৈ বিমানৰ বুকিং বৃদ্ধি পাইছে ৷ ক’ৰোনা মহামাৰীৰ আগৰ তুলনাত ইউ এ ই আৰু আন ৯ খন দেশৰ পৰা কাটাৰলৈ বিমানৰ বুকিং দহগুণ বৃদ্ধি পাইছে।
কাটাৰৰ বিশ্বকাপৰ আয়োজকসকলে জনোৱা মতে, বিশ্ব ফুটবলৰ শাসকীয় সংস্থা ফিফাই প্ৰতিযোগিতাখনৰ সময়ত খেলুৱৈ, অতিথি, আৰু বিষয়াসকলৰ বাবে উপলব্ধ কোঠাৰ ৮০% বুকিং কৰিছে।
ট্ৰেভেল ডাটা ফাৰ্ম অ’এজিয়ে যোৱা সপ্তাহত প্ৰকাশ কৰা অনুসৰি ডুবাইত ১ লাখ ১৫ হাজাৰ হোটেলৰ কোঠা আৰু ২৫ হাজাৰ ভাড়া এপাৰ্টমেণ্ট আছে। কাটাৰ এয়াৰৱেজ আৰু ফ্লাইডুবাইয়ে একেলগে কাম কৰি ডুবাই আৰু কাটাৰৰ মাজত দিনটোত প্ৰায় ৫৪খন বিমান চলাচল কৰিব ৷ পূৰ্বে মাত্ৰ ৬খন বিমান চলাচল কৰা হৈছিল বুলি অ’এজিয়ে জনাইছে।