ভাৰতীয় বলাৰ আৰ অশ্বিনে ২০১৮ চনতে অৱসৰৰ কথা চিন্তা চর্চা কৰিছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধে খেলা এক ছিৰিজত ভবাধৰণে ভাৰতীয় ক্ৰিকেট দলটোক সহায় কৰিবলৈ সক্ষম হোৱা নাছিল বুলি ভাবিয়েই সেই সময়ত অশ্বিনে অৱসৰৰ কথা ভাবিছিল ৷ ই এচ পি এন ক্ৰিক ইনফ’ত প্ৰকাশ পোৱা অনুসৰি তিনিবছৰ পূর্বে এক অ’ভাৰ বলিং কৰাৰ পাছতে তেওঁ ভাগৰি পৰিবলৈ আৰম্ভ কৰিছিল ৷ এই প্ৰসংগতে তেওঁ কয় ‘২০১৮-২০২০ চনৰ ভিতৰত বিভিন্ন কাৰণত ক্ৰিকেট মই এৰি দিয়াৰ কথা ভাবিছিলো ৷ মই ভাবিছিলো যে মই কঠোৰ পৰিশ্ৰম কৰা সত্বেও কোনো সুফল লাভ কৰা নাই ৷ যিমানে মই কষ্ট কৰিছিলো মই সিমানেই যেন বিফল হৈছিলো ৷ মই ভাবিবলৈ লৈছিলো যে মোক অৱসৰৰ প্ৰয়োজন ৷“ কেবল আঘাতৰ বাবেই তেওঁ এইদৰে ভাগৰি পৰা নাছিল বুলি উল্লেখ কৰি অশ্বিনে কয় যে সেই সময়ত তেওঁৰ আঘাতক লৈ কোনো চিন্তিত নাছিল ৷ তেওঁ কয় ‘মই ভাবিছিলো যে বহু কেইজন লোকক সমর্থন জনোৱা হৈছিল, মোক কিয় নকৰিব? মই দলৰ বাবে বহু কেইখন মেচত জয়ী হৈছো ৷ মই ভাবিছিলো যে মোক সেই সময়ত সহায় কৰা হোৱা নাছিল ৷”