টেনিছপ্ৰেমীসকলৰ বাবে দুখবৰ ৷ উইম্বলডনৰ চলিত ছিজনত আৰু দেখা নাপাব শীর্ষ টেনিছ খেলুৱৈ ৰাফেল নাডালৰ খেল ৷ আঘাতৰ বাবে ছেমি ফাইনেলৰ পূর্বে উইম্বলডন প্ৰত্যাহাৰ কৰিছে নাডালে ৷ পেটৰ আঘাতৰ পৰা সম্পূর্ণ সুস্থ হ’ব নোৱাৰাৰ বাবে তেওঁ উইম্বলডনৰ পৰা আঁতৰি অহাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰে ৷ইয়াৰ লগে লগে ছেমি ফাইনেলৰ প্ৰতিদ্বন্দ্বী নিক কিৰ্গিঅ’ছে দেওবাৰৰ ফাইনেলত ৱাকঅভাৰ লাভ কৰিব ৷ য’ত তেওঁ ছয়বাৰৰ চেম্পিয়ন ন’ভাক জ’কভিচ বা ব্ৰিটেইনৰ কেমেৰন ন’ৰীৰ বিৰুদ্ধে খেলিব। বুধবাৰে আমেৰিকান টেইলৰ ফ্ৰিটজৰ বিৰুদ্ধে পাঁচ ছেটত জয়লাভ কৰাৰ সময়ত ২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন নাডালে আঘাত লাভ কৰে ৷
নাডালে পেটত আঘাত লাভ কৰা সত্বেও খেল অব্যাহত ৰাখিব বিছাৰিছিল ৷ কিন্তু চিকিৎসকৰ পৰামর্শৰ পাছত তেওঁ অল ইংলেণ্ড ক্লাবত এখন সংবাদমেলত উইম্বলডন প্ৰত্যাহাৰ কৰাটো নিশ্চিত কৰিছিল। দুবাৰ উইম্বলডনৰ চেম্পিয়নৰ খিতাপ তেওঁ লাভ কৰিছিল ৷ ফ্ৰিটজৰ বিৰুদ্ধে খেলৰ সময়ত নাডাল পেটৰ বিষত ভুগিছিল ৷ যিখন খেলত তেওঁ চাৰি ঘণ্টা ২১ মিনিটত ৩-৬, ৭-৫, ৩-৬, ৭-৫, ৭/৬ (১০/৪) ছেটত জয়লাভ কৰিছিল।
বৃহস্পতিবাৰে বিয়লি উইম্বলডনত অনুশীলন কৰিছিল যদিও, সন্ধিয়া ৭.২০ বজাত সংবাদমেলত তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ আগবাঢ়ি যাব নোৱাৰিব ৷ ইয়াৰ লগে লগে কেলেণ্ডাৰ গ্ৰেণ্ড শ্লাম জয়ৰ আশাও নির্বাপিত হ’ল ৷ কেলেণ্ডাৰ গ্ৰেণ্ড শ্লাম লাভ কৰা শেষ ব্যক্তিজন আছিল ৰড লেভাৰ ৷ ১৯৬৯ চনত লেভাৰে এই সণ্মান লাভ কৰিছিল ৷