অহা মাহত এছিয়া কাপ অনুষ্ঠিত হ’ব। কিন্তু কে এল ৰাহুলে সেই প্ৰতিযোগিতাত খেলাৰ সম্ভাৱনা নাই। হামষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হ’বলৈ তেওঁক এতিয়াও সময়ৰ প্ৰয়োজন হ’ব। আনহাতে শ্ৰেয়াছ আয়াৰে এছিয়া কাপতো দূৰৰ কথা, বিশ্বকাপতো খেলিব নোৱাৰিবও পাৰে। দুয়োগৰাকী ক্ৰিকেটাৰক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
ৰাহুলৰ উৰুৰ অস্ত্ৰোপচাৰ কৰা হৈছে। আনহাতে শ্ৰেয়াছৰ পিঠিৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। ব’ৰ্ডৰ চূড়ান্ত চিকিৎসা বিবৃতিত এই দুগৰাকী ক্ৰিকেটাৰৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাছিল। কিন্তু দুয়োৰে উভতি অহাৰ সম্ভাৱনা কম বুলি ব’ৰ্ডৰ এক সূত্ৰই সংবাদ সংস্থাটোক জনাইছে।
তেওঁ কয়, ‘ৰাহুল আৰু শ্ৰেয়াছ দুয়োৰে বাবে ক্ৰিকেটত ৫০ ৰানৰ মেচৰ বাবে ফিট হোৱাটো কঠিন। সেয়াও শ্ৰীলংকাৰ দৰে গৰম দেশত। অৱশ্যে ব’ৰ্ডৰ চিকিৎসা দলে ৰাহুলক সুস্থ কৰি বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়া ছিৰিজত খেলিবলৈ সুযোগ দিয়াৰ চেষ্টা কৰিছে।’
তেওঁ লগতে কয়, ‘শ্ৰেয়াছে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে। যদি ব’ৰ্ডে শ্ৰেয়াছক ১০০ শতাংশ ফিট হংলেহে সুযোগ দিব বুলি ভাবে তেন্তে এইবাৰ তেওঁৰ হাতৰ পৰা বিশ্বকাপ হেৰাই যাব পাৰে। তেওঁৰ বাবে টি-২০লৈ ঘূৰি অহাটো সহজ হ’লহেঁতেন৷ কিন্তু ৫০ অভাৰত সেয়া সম্ভৱ নহয়। “
বেটিঙৰ সমান্তৰালকৈ ৰাহুলে উইকেটকীপিঙৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু হামষ্ট্ৰিঙৰ আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত তেওঁ ৫০ অভাৰ খেলত থাকিব পাৰিব নে নোৱাৰে সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ উপৰিও অহা মাহৰ আৰম্ভণিতে এছিয়া কাপ অনুষ্ঠিত হ’ব। ব’ৰ্ডে ৰাহুলক লৈ অধিক চিন্তিত, কিয়নো তেওঁ মিডল অর্ডাৰৰ এজন গুৰুত্বপূৰ্ণ বেটছমেন। ভাৰতক মিডল অর্ডাৰত তেওঁৰ প্ৰয়োজন। এতিয়াৰ বাবে ব’ৰ্ডৰ লক্ষ্য হৈছে বিশ্বকাপৰ পূৰ্বে দুয়োজনৰ ভিতৰত অন্ততঃ এজনক ফিট কৰা।