সুৰেশ ৰাইনাই বিদেশত আৰম্ভ কৰিলে ৰেষ্টুৰেণ্টৰ ব্যৱসায় । নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডামত নতুনকৈ আৰম্ভ কৰিছে ৰেষ্টুৰেণ্টখন । ভাৰতীয় দলৰ প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীয়ে নেদাৰলেণ্ডৰ জনসাধাৰণক ভাৰতীয় খাদ্য আৰু সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছে।
ক্ৰিকেটৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা মানি চলিও ৰাইনাক খাদ্যপ্ৰেমী হিচাপে পৰিচিত। ইউৰোপত ভাৰতীয় খাদ্যক অধিক জনপ্ৰিয় কৰাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ নতুন পদক্ষেপ। তেওঁৰ ৰেষ্টুৰেণ্টখনৰ নামো ‘ৰাইনা’। ছ’চিয়েল মিডিয়াত নিজৰ নতুন ৰেষ্টুৰেণ্টখনৰ এখন ছবিৰে ৰাইনাই লিখিছে, ‘মই সদায় ক্ৰিকেট আৰু খাদ্যৰ অনুৰাগী। মোৰ সপোন বাস্তৱায়িত হ’ল এখন ভাৰতীয় ৰেষ্টুৰেণ্ট খোলাৰ। ইয়াত মই ভাৰতৰ বৈচিত্ৰময় সোৱাদসমূহ সকলো শ্ৰেণীৰ লোকক প্ৰদৰ্শন কৰিব পাৰিম।”
ৰাইনাৰ ৰেষ্টুৰেণ্টত ভাৰতৰ সকলো ৰাজ্যৰ জনপ্ৰিয় খাদ্য পৰিবেশন কৰা হ’ব। খাদ্যৰ গুণাগুণ, প্ৰকৃত সোৱাদ আৰু সুগন্ধি অটুট থাকিব। ৰাইনাৰ নতুন ৰেষ্টুৰেণ্টখনৰ আকৰ্ষণ হৈছে পৰম্পৰাগত খাদ্যৰ বৈচিত্ৰ্য। ভিতৰৰ সজ্জাৰ ক্ষেত্ৰতো বিশেষ দৃষ্টি দিয়া হৈছে । ক্ৰিকেট প্ৰেমী আৰু খাদ্যপ্ৰেমীক মনত ৰাখি এই ৰেষ্টুৰেণ্টখন ডিজাইন কৰা হৈছে। ৰাইনাৰ উদীয়মান ক্ৰিকেট কেৰিয়াৰ, স্মৰণীয় মুহূৰ্তবোৰ সজ্জাত আলোকপাত কৰা হৈছে। দুপৰীয়া আৰু ৰাতিৰ আহাৰ উপলব্ধ হ’ব । ইচ্ছা কৰিলে খাদ্য ক্ৰয় কৰি নিয়াৰো ব্যৱস্থা আছে ৷ কেৱল ভাৰতীয় খাদ্যহে উপলব্ধ হ’ব ৰেষ্টুৰেণ্টখনত।
স্থানীয় বাসিন্দাসকলৰ সৈতে ৰেষ্টুৰেণ্টখন চিনাকি কৰাই দিয়াৰ বাবে প্ৰথম মাহত বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হ’ব। ৰাইনাই আশা কৰিছে যে নেদাৰলেণ্ডত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলে চিনাকি খাদ্যৰ সোৱাদ লাভ কৰিব ৷ ইয়াৰ উপৰিও স্থানীয় ৰাইজে ভাৰতীয় খাদ্যৰ বিষয়েও নতুন ধৰণেৰে চিনাকি হ’ব।