চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰুদ্ধশ্বাস মেচত জযলাভ কৰিলেও ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক কঠোৰ শাস্তি প্ৰদান কৰা হয়। ৰাজস্থানৰ অধিনায়কগৰাকীক বিহা হৈছে ১২ লাখ টকাৰ জৰিমনা ভৰিব লাগিব।
আই পি এলত প্ৰায় কোনো মেচ নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ হোৱা নাই । নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰায় কোনো দলেই ২০ অভাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । দলসমূহৰ অধিনায়কসকলেও শাস্তিৰ সন্মুখীন হৈছে। সঞ্জুৱেও শাস্তি এৰাই চলিব নোৱাৰিলে। বুধবাৰে চেন্নাইৰ বিৰুদ্ধে নিৰ্ধাৰিত সময়ত তেওঁৰ দলটোৱে ২০ অভাৰত বলিং কৰিব নোৱাৰিলে। গতিকে তেওঁকো শাস্তি প্ৰদান কৰা হয় ৷ সঞ্জুক ১২ লাখ টকা জৰিমনা বিহা হয়।
বুধবাৰৰ খেলখনত সঞ্জুই শেষৰটো বলত জয়লাভ কৰে। সঞ্জুৰ ৰাজস্থানে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাইক ৩ ৰানত পৰাস্ত কৰে। ৰাজস্থানে অলপ লেহেমীয়াকৈ বল কৰিছিল। চাৰিখন মেচ খেলি তিনিখন মেচত জয়ী হ’লেও সঞ্জুক শাস্তি দিব লগা হৈছিল। মেচখনৰ প্ৰাকক্ষণত সঞ্জুৱে বিপক্ষৰ অধিনায়ক ধোনিৰ ওচৰলৈ পৰামৰ্শ বিচাৰি যোৱা দেখা গৈছিল ৷