বেংগালুৰুৰ খেলপথাৰত আন্দ্ৰে ৰাছেলে পুনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ২৯ ৰান দি ২টা উইকেট দখল কৰে তেওঁ ৷ আই পি এলৰ ইতিহাসত ২০০০ ৰান আৰু ১০০ উইকেট দখল কৰা দ্বিতীয়জন অল ৰাউণ্ডাৰ হৈছে ৰাছেল।
আৰচিবিৰ বিৰুদ্ধে প্ৰথমে বলিং কৰে কেকেআৰে। তেওঁলোকে বেংগালুৰুক ১৮২ ৰানত সীমাবদ্ধ কৰি ৰাখে। ৰাছেলে ৪ অভাৰত ২৯ ৰান দি ২ টা উইকেট দখল কৰে। ইয়াৰ লগতে তেওঁ আই পি এলত ১০০টা উইকেট দখল কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বে ৰাছেলে দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ হৈ খেলিছিল। দুয়োটা দলৰ মাজত আই পি এলত ১১৪খন খেলত ৰাছেলে ২৩২৬ ৰান সংগ্ৰহ কৰি ১০০ উইকেট দখল কৰে। যদি তেওঁ আৰু এটা উইকেট লয় তেন্তে তেওঁ কেৱল কে কে আৰৰ বাবে ১০০ উইকেট সম্পূৰ্ণ কৰিব।
ৰাছেলৰ বাহিৰে আন এজন ক্ৰিকেটাৰেহে আই পি এলত ২০০০ ৰান আৰু ১০০ উইকেট দখল কৰিছে। তেওঁ হৈছে চেন্নাই ছুপাৰ কিংছৰ ৰবীন্দ্ৰ জাদেজা। ৰাজস্থান ৰয়েলছ, কোচি টাস্কাৰছ, গুজৰাট লায়ন্সৰ হৈও খেলিছিল জাদেজাই। জাদেজাই ২২৮খন খেলত ২৭২৪ ৰান সংগ্ৰহ কৰে। লগতে ১৫২টা উইকেট দখল কৰে।
এই খেলখনত বিৰাট কোহলীৰ ৮৩ ৰানৰ ওপৰত আৰচিবিয়ে ১৮২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ১৯টা বল বাকী থকা অৱস্থাত কেকেআৰে মেচখনত জয়লাভ কৰে।