টকিঅ’ অলিম্পিকত মল্লযুঁজৰ চূড়ান্ত খেলত প্ৰবেশ কৰা ভাৰতীয় তাৰকা মল্লযুঁজাৰু ৰবি দহিয়াক কাজাখস্তানৰ খেলুৱৈ নুৰ ইছলামে বাহুত কামুৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিশ্বজুৰি চৰ্চা লাভ কৰা এই ঘটনাত কাজাখস্তানৰ খেলুৱৈ জন নিলম্বিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী হৈছে।খবৰ অনুসৰি ছেমি ফাইনেলৰ এই খেলখনত ৰবি দহিয়াক শক্তিৰে প্ৰতিহত কৰিব পৰা নাছিল খেলুৱৈজনে।আৰু এনেকৈ বাহুত কামুৰি নিজৰ পৰাজয়ৰ পোতক তুলিবলৈ চেষ্টা কৰিছিল নুৰ ইছলামে।
নুৰ ইছলামে কামুৰি আঘাত কৰা দৃশ্যক লৈ এতিয়া দেশৰ লগতে বিশ্বৰ অন্যান্য দেশেও নিন্দা কৰিছে।যিহেতু ভাৰতীয় মল্লযুঁজাৰু ৰবি দহিয়াক কামুৰা দৃশ্য স্পষ্ট ৰূপত কেমেৰাত বন্দী হৈছিল।
ছেমিফাইনেল খেলখনত প্ৰথম অৱস্থাত নুৰ ইছলাম আগবাঢ়ি আছিল যদিও পৰৱৰ্ত্তী পৰ্যায়ত ভাৰতীয় খেলুৱৈজনে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাত তেওঁৰ শক্তিক প্ৰতিহত কৰিবলৈকে এনেকৈ কামুৰিছিল বুলি চৰ্চা হৈছে।
ইফালে ভাৰতীয় মল্লযুঁজাৰু জনে চূড়ান্ত খেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে আৰু এটা পদক নিশ্চিত কৰিছে।তেনেক্ষেত্ৰত বিশ্ব মল্লযুঁজৰ ব্ৰঞ্জ পদক প্ৰাপ্ত ৰবি কুমাৰক কৰা আঘাতকলৈ টকিঅ’ অলিম্পিক কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ‘ব।