চলিত টকিঅ‘ অলিম্পিকৰ প্ৰথম দিনাই ৰূপৰ পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে মনিপুৰৰ কন্যা মীৰাবাঈ চানুৱে।৪৯ কেজি শাখাত দেশৰ প্ৰতিভাৱান ভাৰ উত্তোলক গৰাকীয়ে মুঠ ২০২ কিলোগ্ৰাম ওজন দাঙি এই পদক আজুৰি আনিবলৈ সক্ষম হৈছিল।
ইয়াৰ পূৰ্বে ২০০০ চনত চিডনি অলিম্পিকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা ভাৰউত্তোলক কৰ্ণম মালেশ্বৰীয়ে ব্ৰঞ্জৰ পদক পোৱাৰ পিছত এইবাৰ মীৰাবঈ চানুৱে দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিলে।
যিদৰে অলিম্পিকত চানুৱে বিশ্ব বাসীক চৰম শক্তি দেখুৱাই চৰ্চাৰ মাজলৈ আহিছে ঠিক সেইদৰে এতিয়া চানুৱে পিন্ধা কাণফুলি যোৰক লৈও বিশ্ব বাসীৰ মাজত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।যিহেতু চানুৱে নিজক অনুপ্ৰাণিত কৰিবলৈ মাতৃয়ে গঢ়াই দিয়া পাঁচটা অলিম্পিক আকৃতিৰ কাণফুলি পিন্ধি খেলত নামিছিল।
খৱৰ অনুসৰি চানুৱে চলিত অলিম্পিকত নিজৰ শ্ৰেষ্ঠতা দাঙি ধৰিবলৈকে এই বিশেষ কাণফুলি যোৰ পিন্ধি খেলত অংশ লৈছিল।মাতৃয়ে গঢ়াই দিয়া এই কাণফুলি যোৰ আছিল চানুৰ এক শক্তি ।মাতৃৰ স্পৰ্শ অনুভৱ কৰি অলিম্পিক পদক জিনাৰ সপোন দেখিছিল চানুৱে।
মাতৃৰো বিশ্বাস আছিল যে এই অলিম্পিক আকৃতিৰ কাণফুলি যোৰ পিন্ধি খেলত নামিলে তেওঁৰ জীয়ৰীয়ে পদক অৰ্জন কৰিব পাৰে। মাতৃৰ বিশ্বাসক প্ৰতিফলিত কৰি চানুৱে ৰূপৰ পদক আজুৰি আনি মাতৃক এবুকু গৌৰৱেৰে উদ্ভাসিত কৰিলে।
জানিব পৰা মতে চানুৰ মাতৃয়ে নিজৰ সকলো গহনা বিক্ৰী কৰি জীয়েকৰ বাবে এই বিশেষ কাণফুলি যোৰ গঢ়ি দিছিল।আৰু মাকৰ এই উপহাৰে চানুৰ বাবে প্ৰকৃত সৌভাগ্য কঢ়িয়াই আনিছিল।
টি ভি ৰ পৰ্দাত জীয়েকৰ তিৰবিৰাই থকা কাণফুলিযোৰ দেখি মাকে উৎফুল্লিত হৈ কৈছিল “ মই টিভি ত তাইৰ কাণফুলি যোৰ দেখিছিলো । তাইৰ সৌভাগ্যৰ বাবেই ৰিঅ‘ অলিম্পিকৰ আগে এইটো গঢ়াই দিছিলো।মই বিশ্বাস কৰা নাছিলো যে এই কাণফুলিযোৰে কাম দিব।“