অষ্ট্ৰেলিয়াৰ এ লীগ ক্লাব মেলবৰ্ণ ভিক্টোৰীক অভিলেখসংখ্যক জৰিমনা বিহা হৈছে। খেলৰ সময়ত ক্লাবটোৰ সমৰ্থকসকলে খেলপথাৰত প্ৰৱেশ কৰাৰ বাবে ক্লাবটোক ৩ লাখ ৮০ হাজাৰ ডলাৰ জৰিমনা বিহা হয়। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ হৈচে ৩ কোটিতকৈ অধিক ৷
উল্লেখ্য যে যোৱা মাহত সংঘটিত হৈছিল এই ঘটনা। ‘এ’ লীগত মেলবৰ্ণ ডাৰ্বিত ঘৰুৱা ক্ষেত্ৰত মেলবৰ্ণ চিটিৰ বিৰুদ্ধে খেলিছিল মেলবৰ্ণ ভিক্টৰী। ৰেফাৰীৰ সিদ্ধান্তক কেন্দ্ৰ কৰি উত্তেজনা গঢ় লৈ উঠে। গেলেৰীৰ পৰা ক্ষুব্ধ ভিক্টৰীৰ সমৰ্থকসকলে খেলপথাৰলৈ নামি আহে । ইয়াৰে এজনে বালিৰে ভৰা এটা বাল্টি মেলবর্ণ চিটিৰ গ’লৰক্ষক টম গ্লভাৰৰ ওপৰত দলিয়াই দিলে। এই ঘটনাত গ্লভাৰ আহত হয়। মেচখনৰ ৰেফাৰীও আহত হয়। ভিকটৰী ক্লাৱৰ সমৰ্থকৰ হিংসাত্মক পৰিস্থিতিৰ বাবে ৰেফাৰীয়ে খেলখন বাতিল কৰিবলৈ বাধ্য হয়। খেলখনৰ আয়োজকগৰাকীয়ে ক্লাৱটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
এই ঘটনাৰ পিছতে ফুটবল অষ্ট্ৰেলিয়াই কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে। লগে লগে তদন্তৰ নিৰ্দেশ দিয়া হয় ৷ যোৱা মঙলবাৰে অষ্ট্ৰেলিয়াৰ ফুটবল গভৰ্নিং বডিয়ে এই শাস্তি ঘোষণা কৰে। ভিক্টৰী ক্লাৱক ১০ পইণ্ট কৰ্তনৰ উপৰি ভাৰতীয় মুদ্ৰাত ৩ কোটি ১০ লাখ টকাৰো অধিক জৰিমনা বিহে ৷ পইণ্ট অৱশ্যে তৎক্ষণাত কৰ্তন কৰা নহ’ব। ২০২৫-২৬ ছিজনলৈকে এখন মেচত সামান্যতম অপ্ৰীতিকৰ পৰিস্থিতি হ’লেই ভিক্টৰীৰ পৰা ১০ পইণ্ট কৰ্তন কৰা হ’ব। ফুটবল অষ্ট্ৰেলিয়াৰ গভৰ্নিং বডিৰ মুখ্য কাৰ্যবাহী জেমছ জনছনে কয় যে আমি মেলবৰ্ণ ভিক্টোৰী ক্লাব আৰু কিছুমান ব্যক্তিয়ে অক্ষমণীয় আচৰণ কৰা দেখিছো। নীতি-নিয়ম গুৰুতৰভাৱে উলংঘা কৰা হৈছে। মেলবৰ্ণ ভিক্টৰী ক্লাবক প্ৰদান কৰা শাস্তি এ লীগৰ ইতিহাসত সৰ্বাধিক। ফুটবলৰ পৰা এনে ঘৃণনীয় আচৰণ আঁতৰাবলৈ আমি এই কঠিন সিদ্ধান্ত লৈছো।
কেৱল ফুটবল অষ্ট্ৰেলিয়াই ক্লাবৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱাই নহয়, ঘটনাৰ ভিডিঅ’ চাই ১৭জন অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তিনিজনক আজীৱন ফুটবল খেলপথাৰৰ পৰা নিষিদ্ধ কৰা হৈছে।