বিগত বৰ্ষৰ আই পি এলৰ মিনি নিলামত কেকেআৰে গুজৰাট টাইটানছক পৰাস্ত কৰি অভিলেখ ২৪.৭৫ কোটি টকাত মিচেল ষ্টার্কক ক্ৰয় কৰে। ইয়াক লৈ বিতর্কৰো সূচনা হৈছিল ৷ কিন্তু ২০-২৫ কোটি টকা এতিয়াৰে পৰা ষ্টার্কৰ দৰে খেলুৱৈৰ পকেটত সহজে সোমাব নোৱাৰিব। কাৰণ, ইণ্ডিয়ান ক্ৰিকেট ব’ৰ্ডে আই পি এলৰ নিলামৰ নিয়ম সলনি কৰিছে।
নিলামত নতুন নিয়মৰ লগে লগে কোনো বিশেষ ক্ৰিকেটাৰক বৃহৎ ধনৰ বিনিময়ত ক্ৰয় কৰা কার্য বন্ধ হ’বও পাৰে ৷ নতুন নিয়ম অনুসৰি আই পি এলৰ মেগা নিলামত ক্ৰিকেটাৰে লাভ কৰা ধনৰ পৰিমান পৰৱর্তী দুবছৰৰ সৰু সৰু নিলামত তাতকৈ বেছি লাভ কৰিব নোৱাৰিব। যদি সকলো ঠিকে থাকে তেন্তে এইবাৰৰ মেগা নিলামৰ পৰা বিচিচিআইয়ে এই নতুন নিয়ম প্ৰৱৰ্তন কৰিব।
উদাহৰণস্বৰূপে পেট কামিন্সৰ বিষয়টো উল্লেখ কৰিব পাৰি ৷ ২০২১ চনৰ মেগা নিলামত কেকেআৰে ৭ কোটি ২৫ লাখ টকাত ক্ৰয় কৰিছিল কামিন্সক। যোৱা বছৰ এটা সৰু নিলামত কামিন্সে লাভ কৰিছিল ২০ কোটি টকা। অষ্ট্ৰেলিয়াৰ বিশ্ব বিজয়ী অধিনায়কগৰাকীক ক্ৰয় কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে। অৰ্থাৎ কামিন্সক প্ৰায় তিনিগুণ বেছিকৈ ধনৰ বিনিময়ত লোৱা হৈছিল। এই সময়ৰ পৰা এই নিয়ম সলনি হৈছে। এজন ক্ৰিকেটাৰে পৰৱৰ্তী সৰু নিলামত ডাঙৰ নিলামত লাভ কৰা ধনতকৈ বেছি টকা নাপাব। অৰ্থাৎ যোৱা বছৰ যদি এই নিয়ম প্ৰযোজ্য হ’লহেঁতেন তেন্তে কামিন্সে ৭ কোটি ২৫ লাখ টকাতকৈ অধিক লাভ নকৰিলেহেঁতেন।
অৱশ্যে ফ্ৰেঞ্চাইজিসমূহে নিলামত অধিক ধন খৰচ কৰিব পাৰিব। এতিয়ালৈকে ফ্ৰেঞ্চাইজিয়ে সৰ্বোচ্চ ১০০ কোটি টকা খৰচ কৰিব পাৰিব। সকলো ঠিকে থাকিলে এই ধনৰাশি ১২০ কোটিলৈ বৃদ্ধি কৰা হ’ব।
যদিও এই দুটা নিয়ম চূড়ান্ত কৰা হৈছে, তথাপিও ব’ৰ্ডে ‘ৰিটেনচন’ নিয়ম সন্দৰ্ভত একো সিদ্ধান্ত লোৱা নাই। ৰিটেনচন, অৰ্থাৎ প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে ডাঙৰ নিলামৰ পূৰ্বে কিমানজন ক্ৰিকেটাৰক ধৰি ৰাখিব পাৰে, সম্ভৱতঃ চলিত মাহৰ শেষৰ ফালে চূড়ান্ত হ’ব। এই ক্ষেত্ৰত বিভিন্ন ফ্ৰেঞ্চাইজিৰ মতামত বেলেগ বেলেগ। একাংশই কৈছে যে আগৰ দৰে চাৰিজন ক্ৰিকেটাৰ ৰখাৰ নিয়ম থাকিব লাগে। বেছিভাগ ফ্ৰেঞ্চাইজিয়ে এই সংখ্যা ছয় বা সাতলৈ বৃদ্ধি কৰাটো বিচাৰে। কিছুমানে আঠটা এৰি দিয়াৰ পক্ষপাতী। তেওঁলোকে বিচাৰে যে ডাঙৰ নিলামত সকলো পক্ষই শূন্যৰ পৰা আৰম্ভ কৰক।
জানিব পৰা মতে এই সন্দৰ্ভত ব’ৰ্ডে দায়িত্ব প্ৰদান কৰিছে মুখ্য কাৰ্যবাহী বিষয়া হেমাং আমিনক। বিভিন্ন ফ্ৰেঞ্চাইজিৰ প্ৰতিনিধিৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছে। কিন্তু বিচিচিআই এই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই।
চলিত মাহৰ শেষৰ ফালে ফ্ৰেঞ্চাইজিৰ মালিকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে ব’ৰ্ডে। ইয়াৰ পিছত জয় শ্বাহে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব।