VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিদেশী লীগত খেলাৰ ইচ্ছাৰ বাবে ক্ৰিকেটাৰৰ অৱসৰ, ভাৰতীয় ব’ৰ্ড চিন্তিত, প্ৰণয়ণ কৰিব নতুন নিয়ম

voicedesk by voicedesk
July 8, 2023
in ক্ৰীড়া
বিদেশী লীগত খেলাৰ ইচ্ছাৰ বাবে ক্ৰিকেটাৰৰ অৱসৰ, ভাৰতীয় ব’ৰ্ড চিন্তিত,  প্ৰণয়ণ কৰিব নতুন নিয়ম
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

বিদেশী লীগত খেলাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰসকলে আগতীয়াকৈ অৱসৰ ল’ব পাৰে বুলি ব’ৰ্ডে অনুভৱ কৰিছে। সেই কাৰণে এইক্ষেত্ৰত নতুন নিয়ম আনিব পাৰি নেকি সেই সন্দর্ভত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা হয়। ইয়াক লৈ চিন্তিত হৈ পৰিছে  বিচিচিআই।

 

যোৱা আই পি এলৰ অন্তিম দিনা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন আম্বাতি ৰায়ুডুৱে অৱসৰৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত তেওঁ প্ৰকাশ কৰে যে তেওঁ আমেৰিকান ক্ৰিকেট লীগত খেলিব। অৱশ্যে শনিবাৰে তেওঁ ব্যক্তিগত সমস্যাৰ বাবে আমেৰিকান লীগত খেলিব নোৱাৰিব বুলি ঘোষণা কৰে। ক্ৰিকেটাৰসকলৰ অৱসৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয়, ‘এতিয়া ক্ৰিকেটাৰসকলে ইচ্ছা কৰিলে অৱসৰ ল’ব পাৰে আৰু বিদেশী লীগত খেলিব পাৰে । আই পি এলৰ বিভিন্ন দেশৰ লীগত ফ্ৰেঞ্চাইজি আছে। ফলত তেওঁলোকে দলত ভাৰতীয় ক্ৰিকেটাৰ বিচাৰে।  এই কাৰণেই চিন্তিত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড।“

 

ইয়াৰ পিছত তেওঁ নতুন নিয়ম অনাৰ কথা প্ৰকাশ কৰে ৷ব’ৰ্ডৰ বিষয়াগৰাকীয়ে কয়, “অৱসৰৰ পিছত কুলিং অফ পিৰিয়ড (নিৰ্দিষ্ট সময় খেলিব নোৱাৰা) নিয়ম কৰিব পাৰে ৷ বৰ্তমানৰ নিয়ম অনুসৰি ক্ৰিকেটাৰসকলে অৱসৰৰ পিছত বিদেশৰ টি-২০ লীগত খেলিব পাৰে। ইয়াক সলনি কৰিব পাৰে । ব’ৰ্ডে কি সিদ্ধান্ত লয় লক্ষণীয় হ’ব ৷” বিদেশী লীগত খেলাৰ আৰ্থিক প্ৰলোভনৰ বাবে ক্ৰিকেটাৰসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সোনকালে অৱসৰ ল’ব পাৰে বুলি ব’ৰ্ডে আশংকা প্ৰকাশ কৰিছে। সেইবাবেই ব’ৰ্ডে নিয়ম সলনি কৰিব বিচাৰিছে। অৱসৰৰ পিছত ৰবিন উথাপ্পা আৰু ইউছুফ পাথানে বিদেশৰ টি-২০ লীগত খেলিছিল।

 

বিদেশী লীগত খেলিবলৈ ক্ৰিকেটাৰসকলৰ অৱসৰৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত এপেক্স কাউন্সিলৰ বৈঠকত আলোচনা কৰা হয়। ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছলৈ প্ৰেৰণ কৰিব এটা দল। শীৰ্ষ পৰিষদৰ বৈঠকৰ পিছত ব’ৰ্ডৰ এগৰাকী বিষয়াই কয় যে ভাৰতে এছিয়ান গেমছলৈ পুৰুষ আৰু মহিলা দল প্ৰেৰণ কৰিব। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত মেচ অনুষ্ঠিত হ’ব ৷

 

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছিল । সেই অনুৰোধ মানি  ব’ৰ্ডে পুৰুষ আৰু মহিলা দল চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত খেলিবলৈ পঠিয়াব। এইবাৰ চীনৰ হাংঝুত অনুষ্ঠিত হ’ব এছিয়ান গেমছ। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ৮ অক্টোবৰলৈ খেল  চলি থাকিব। যদিও ক্ৰিকেটৰ সময়সূচী এতিয়াও ঘোষণা কৰা হোৱা নাই, তথাপিও ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব বুলি ব’ৰ্ডৰ সঞ্চালকে জনায়। ১৯ৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব মহিলাৰ খেল। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ল’ৰা ক্ৰিকেট প্ৰতিযোগিতা। ৮ অক্টোবৰলৈকে চলিব।

 

এছিয়া কাপৰ সময়ত অনুষ্ঠিত হ’ব বিশ্বকাপ। ৫ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হ’ব বিশ্বকাপ। একেলগে দুখন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বাবে দ্বিতীয় স্থানৰ দলটোক এছিয়ান গেমছলৈ প্ৰেৰণ কৰা হ’ব। ভিভিএছ লক্ষ্মণক এছিয়ান গেমছৰ প্ৰশিক্ষক হিচাপে প্ৰেৰণ কৰিব পাৰে। যিসকল ক্ৰিকেটাৰে বিশ্বকাপ খেলিব নোৱাৰে তেওঁলোকক তালৈ পঠিওৱা হ’ব।এছিয়ান গেমছৰ ইতিহাসত তৃতীয়বাৰৰ বাবে ক্ৰিকেট খেলিব। ২০১৪ চনত প্ৰথমবাৰৰ বাবে খেলা হৈছিল।

 

Previous Post

জম্মু-শ্ৰীনগৰ ঘাইপথত ভয়াৱহ ভূমিস্খলন, খহি পৰিল পথৰ বৃহৎ অংশ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7