চলিত আইপিএলত উচ্চমানৰ প্ৰদর্শনেৰে উজলি উঠা অসম সন্তান ৰিয়ান পৰাগৰ বাবে আন এক সুখবৰ ৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ উচ্চ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হৈছে ৰিয়ান পৰাগ। ২০২৪-২৫ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ পূৰ্বে পৰাগক এই সন্মানীয় কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে সৰ্বভাৰতীয় পুৰুষ বাছনি সমিতিয়ে ৷ এয়া ৰিয়ান পৰাগৰ ক্ৰিকেটাৰ হিচাপে যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে ৷
অসমৰ আশাব্যঞ্জক যুৱ প্ৰতিভা পৰাগে ঘৰুৱা আৰু আই পি এল মেচত আকৰ্ষণীয় প্ৰদৰ্শনেৰে ক্ৰিকেট ক্ষেত্ৰখনত চর্চা লাভ কৰিছে। এনচিএৰ কাৰ্যসূচীৰ বাবে ৰিয়ানক নিৰ্বাচনে তেওঁৰ সম্ভাৱনা আৰু ক্ৰিকেট কৰ্তৃপক্ষই তেওঁৰ ওপৰত কৰা উচ্চ আশাৰ প্ৰতিফলিত কৰিছে।
উল্লেখ্য যে এনচিএৰ হাই পাৰফৰমেন্স মনিটৰিং প্ৰগ্ৰেমৰ জৰিয়তে দেশৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলক চিনাক্ত কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ উন্নত প্ৰশিক্ষণৰে এনচিএই এই খেলুৱৈসকলক তেওঁলোকৰ কেৰিয়াৰৰ নতুন উচ্চতালৈ উন্নীত কৰাৰ প্ৰচেষ্টা চলায় ৷ ৰিয়ান পৰাগে শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষক, অত্যাধুনিক সুবিধা, আৰু নিজৰ দক্ষতা পৰিশোধন আৰু প্ৰদৰ্শন বৃদ্ধিৰ সুবিধা লাভ কৰিব। এনচিএৰ এই কাৰ্যসূচীয়ে তেওঁ দেশৰ কিছুমান শ্ৰেষ্ঠ প্ৰশিক্ষকৰ অধীনত নিজৰ দক্ষতাক আৰু অধিক নিখুঁত কৰাৰ এক সুযোগ লাভ কৰিব। এই কাৰ্যসূচীত কেৱল তেওঁৰ কাৰিকৰী দক্ষতাই নহয়, ফিটনেছ, মানসিক অৱস্থা আৰু কৌশলগত বুদ্ধিমত্তাৰ দৰে দিশসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব ৷ যাৰ ফলত তেওঁ উচ্চ পৰ্যায়ৰ ক্ৰিকেটৰ প্ৰত্যাহ্বানৰ বাবে সাজু হৈ উঠিব ৷
এই নিৰ্বাচনৰ জৰিয়তে ৰিয়ান পৰাগে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চতে নিজৰ উপস্থিতিৰে ভাৰতৰ পৰৱৰ্তী ক্ৰিকেট তাৰকাসকলৰ ভিতৰত অন্যতম হোৱাৰ পথত গতি কৰিছে ৷