আইপিএলকে ধৰি শেহতীয়াকৈ কেইবাখনো ঘৰুৱা শৃংখলাত দেখুওৱা প্ৰদর্শনে ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰত এক নতুন পৰিচয় দিছে অসম সন্তান ৰিয়ান পৰাগক ৷যাৰ বাবে ৰাষ্ট্ৰীয় দলত তেওঁ অন্তভূর্ক্ত হ’ব বুলি ৰাজ্যবাসীয়ে আশা প্ৰকাশ কৰিছিল ৷ বিশেষকৈ টি-২০ বিশ্বকাপৰ দলত ৰিয়ানক লোৱা হ’ব বুলি চর্চা চলিছিল ৷ কিন্তু সেয়া হৈ নুঠিল ৷ শেহতীয়াকৈ তেওঁক টি-২০ বিশ্বাকাপৰ ছেমি ফাইনেলিষ্টৰ ভৱিষ্যদ্বাণী কৰিবলৈ কোৱা হৈছিল ৷ ইয়াৰ উত্তৰত ৰিয়ানে কয় যে তেওঁ টি-২০ বিশ্বকাপ নাচায় আৰু কেৱল চূড়ান্ত বিজয়ী কোন হ’ব সেয়া জানিবলৈহে আগ্ৰহী ৷ তেওঁ কয় যে যেতিয়া তেওঁ বিশ্বকাপত অংশগ্ৰহণ কৰিলেহে কোন ছেমি ফাইনেলিষ্ট হ’ব সেই বিষয়ে জানিবলৈ আগ্ৰহী হ’লহেতেন ৷
🗣️"Nobody matches Virat's onfield aura". #RiyanParag #T20WorldCup #TeamIndia #BharatArmy pic.twitter.com/xETkhN1Gok
— The Bharat Army (@thebharatarmy) June 1, 2024
দ্য ভাৰত আৰ্মী নামৰ এক সংবাদ গোষ্ঠীৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰিয়ানে কয় ‘এয়া হ’ব পক্ষপাতমূলক উত্তৰ (শীৰ্ষ চাৰিটা দলৰ ওপৰত ভৱিষ্যদ্বাণী) ৷ কিন্তু অতি সঁচা কথা ক’বলৈ গ’লে মই বিশ্বকাপ চাবও নিবিচাৰো। শেষত কোন জয়ী হয় সেয়া চাম আৰু মই সুখী হ’ম৷ যেতিয়া মই বিশ্বকাপ খেলিম, তেতিয়া মই শীৰ্ষ চাৰিত কোন থাকিব আৰু সেই সকলোবোৰৰ কথা চিন্তা কৰিম ।’