আই পি এলৰ বিভিন্ন ফ্ৰেঞ্চাইজিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰ ইৰফান পাঠানে অনুভৱ কৰিছে যে ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন ৰিয়ান পৰাগে এবছৰৰ ভিতৰতে ভাৰততীয় ক্ৰিকেট দলত অভিষেক ঘটাব। চলিত আইপিএলত ৰিয়ানৰ প্ৰদর্শনৰ বাবেই তেওঁ এই মন্তব্য কৰিছে ৷
বৰ্তমান অৰেঞ্জ কেপৰ দৌৰত ৰিয়ান পৰাগ ৭৭ ৰান পিছ পৰি আছে ৷ তেওঁ মাত্ৰ ৭ খন মেচত ৩৬১ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটিং ষ্টেলৱাৰ্ট বিৰাট কোহলীৰ পিছতেই স্থান লাভ কৰিছে । আজি প্ৰথম স্থানত থকা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দ্বিতীয় স্থানত থকা কলকাতা নাইট ৰাইডার্ছে ৷ এই মেচতে পুনৰ বিৰাট কোহলীক অতিক্ৰম কৰাৰ সুযোগ লাভ কৰিব ৷
যোৱা নিশা আৰ চি বি আৰু এছ আৰ এইচৰ মেচৰ পিছৰ বিশ্লেষণত ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা কথা-বতৰাত ইৰফান পাঠাননক ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰাৰ সম্ভাৱনাৰ ওপৰত প্ৰতিক্ৰিয়া বিচৰা হয় ৷
পাঠানে কয় যে পৰাগে এবছৰৰ ভিতৰতে ভাৰতীয় দলৰ একাদশত প্ৰৱেশ কৰাৰ ১০০% সম্ভাৱনা আছে। পঞ্জাৱ, চেন্নাই, দিল্লী, আৰু হায়দৰাবাদৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে অনুভৱ কৰিছে যে কেৱল আই পি এলত তেওঁৰ প্ৰদৰ্শনেই ভাৰতীয় নিৰ্বাচকসকলে পৰাগক বাছি লোৱাৰ প্ৰধান কাৰণ নহয়।
ইৰফান পাঠানে অনুভৱ কৰে যে শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত ৰিয়ান পৰাগৰ অভিলেখ আৰু প্ৰদৰ্শনৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে আৰু সেই প্ৰদর্শনকো নিৰ্বাচকসকলে মূল্য দিব লাগে। আৰু যদিহে অহা ৩৬৫ দিনৰ ভিতৰত তেওঁক বাছি লোৱা নহয়, তেন্তে ঘৰুৱা ক্ৰিকেটৰ দৃষ্টিকোণৰ পৰা ই “অতি হতাশাজনক” হ’ব।