২০টা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা প্ৰথমজন পুৰুষৰ খেলুৱৈ, টেনিছ কিংবদন্তি ৰজাৰ ফেডেৰাৰে লেভাৰ কাপ -২০২২ৰ পিছত খেলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে।ফেডেৰাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত এটা পোষ্টেৰে তেওঁৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। ২০০৩ চনত উইম্বলডন খিতাপ দখল কৰি ফেডেৰাৰে প্ৰথমটো গ্ৰেণ্ড শ্লেম জয় কৰিছিল। তাৰ পিছত তেওঁ ৬বাৰ অষ্ট্ৰেলিয়ান অ’পেন, এবাৰ ফ্ৰেন্স অ’পেন, ৮ বাৰ উইম্বলডন আৰু ৫বাৰ ইউ এছ অ’পেন খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিন ধৰি আঁঠুৰ আঘাতে জুৰুলা কৰি আহিছে তেওঁ।
তেওঁৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ কয় যে অহা সপ্তাহত লণ্ডনত অনুষ্ঠিত হ’বলগীয়া লেভাৰ কাপ মোৰ অন্তিম প্ৰতিযোগিতা হ’ব। ২০২১ চনত উইম্বলডনত কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ২০টা গ্ৰেণ্ড শ্লেম খিতাপ বিজয়ী ৪১ বছৰীয়া ৰিয়ানে আন এক আঁঠুৰ অস্ত্ৰোপচাৰৰ পূৰ্বে খেলপথাৰৰ পৰা আঁতৰি আছে। ছেৰেনা উইলিয়ামছৰ অৱসৰৰ পিছতে ফেডেৰাৰে এই ঘোষণা কৰিছে । মহিলা টেনিছত নিজৰ নামত দ্বিতীয় সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি অৱসৰ গ্ৰহণ কৰে ছেৰেনাই । ৰাফেল নাডাল আৰু নোভাক জ’কভিচৰ পিছতে গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা মুঠ সংখ্যাৰ ক্ষেত্ৰত ফেডেৰাৰ তৃতীয় স্থানত আছে।
অৱসৰ ঘোষণা কৰি তেওঁ কয় -“ আপোনালোকৰ বহুতেই জানে যে যোৱা তিনি বছৰে মই আঘাত আৰু অস্ত্ৰোপচাৰৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সম্পূৰ্ণ প্ৰতিযোগিতামূলক ফৰ্মলৈ ঘূৰি আহিবলৈ মই কঠোৰ পৰিশ্ৰম কৰিছো। কিন্তু মই মোৰ শৰীৰৰ ক্ষমতা আৰু সীমাও জানো, আৰু মোৰ বাবে ইয়াৰ বাৰ্তা শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে। মোৰ বয়স ৪১ বছৰ। ২৪ বছৰত ১৫০০ খনতকৈও অধিক মেচ খেলিছো। এতিয়া মই গম পাইছো যে মোৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ শেষ কৰাৰ সময় আহি পৰিছে। অহা সপ্তাহত লেভাৰ কাপ হ’ব মোৰ চূড়ান্ত এ টি পি ইভেণ্ট। ভৱিষ্যতে অৱশ্যেই অধিক টেনিছ খেলিম কিন্তু কেৱল গ্ৰেণ্ড শ্লেমত বা ট্যুৰত নহয়। মই নিজকে পৃথিৱীৰ অন্যতম সৌভাগ্যৱান মানুহ বুলি গণ্য কৰোঁ। টেনিছ খেলিবলৈ মোক এটা বিশেষ প্ৰতিভা দিয়া হৈছিল, আৰু মই সেইটো এনেকুৱা এটা স্তৰত কৰিলোঁ যিটো মই কেতিয়াও কল্পনাও কৰা নাছিলো, মই কেতিয়াও ভবাতকৈ বহু বেছি সময়লৈকে কৰিলোঁ। বিশেষকৈ মোৰ সৈতে প্ৰতিটো মিনিটৰ মাজেৰে জীৱন কটোৱা মোৰ পত্নী মিৰ্কাক ধন্যবাদ জনাইছো। “