বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত আঘাতপ্ৰাপ্ত ৰোহিত শৰ্মা এতিয়াও সুস্থ হৈ উঠা নাই ৷ যাৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁৰ খেলাটো অনিশ্চিত হৈ পৰিছে । ৰোহিতৰ অনুপস্থিতিত ভাৰতীয় দলটোক টি-২০ শৃংখলাত নেতৃত্ব দিব পাৰে হাৰ্দিক পাণ্ডিয়াই।
সংবাদ সংস্থা পিটিআইৰ মতে, ৰোহিতৰ আঘাত ভাল হ’বলৈ সময় লাগিব। টেষ্ট শৃংখলাত কে এল ৰাহুলে ভাৰতক নেতৃত্ব দিয়াৰ বিপৰীতে হাৰ্দিক টি-২০ ক্ৰিকেটত অধিনায়ক হ’ব পাৰে। বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত স্লিপত ফিল্ডিং কৰি থকা অৱস্থাত সোঁ বুঢ়া আঙুলিত আঘাত পাইছিল ৰোহিতে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ পুনৰ বেটিং কৰিবলৈ আহিছিল যদিও ফিল্ডিং কৰা নাছিল। ইয়াৰ পিছত তৃতীয়খন এদিনীয়া নেখেলাকৈ ৰোহিত মুম্বাইলৈ ৰাওনা হয়। টেষ্ট শৃংখলালৈ তেওঁ ঘূৰি আহিব নোৱাৰিলে।
অৱশ্যে পিটিআইৰ মতে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৰোহিতৰ অনুপস্থিতিৰ আঁৰত আঘাতেই একমাত্ৰ কাৰণ নহয়। তেওঁলোকৰ মতে, ২০২৪ চনৰ টি-২০ বিশ্বকাপত ৰোহিতৰ কথা ব’ৰ্ডে চিন্তা কৰা নাই। গতিকে ৰোহিতক হয়তো ক্ৰমান্বয়ে টি-২০ ছিৰিজৰ পৰা আঁতৰাই দিয়া হ’ব। হাৰ্ডিকক কেৱল টি-২০ৰেই নহয়, টেষ্টৰ অধিনায়ক হিচাপেও নিযুক্তি দিয়া হ’ব পাৰে। ৰোহিত বাদ পৰাৰ এটা কাৰণ হ’ব পাৰে তেওঁৰ সঘন আঘাত। বিৰাটৰ পিছত যিহেতু ৰোহিতক সকলো ধৰণৰ ক্ৰিকেটত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল, গতিকে এতিয়ালৈকে তেওঁ মাত্ৰ দুখন টেষ্টতহে নেতৃত্ব দিছে। আঘাতৰ বাবে একাধিক টেষ্ট মেচ খেলিব পৰা নাছিল। গতিকে হাৰ্দিক সাজু হ’লে অতি সোনকালে তেওঁৰ হাতত টেষ্ট ক্ৰিকেটৰ দায়িত্ব ব’ৰ্ডে অৰ্পণ কৰিব পাৰে।
অতি শীঘ্ৰে শ্ৰীলংকাৰ বিৰুদ্ধে দল ঘোষণা কৰিব ব’ৰ্ডে। ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব টি২০ ছিৰিজ। ৩, ৫ আৰু ৭ জানুৱাৰীত অনুষ্ঠিত হ’ব তিনিখন টি-২০ মেচ। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এদিনীয়া মেচ। তিনিখন খেলৰ শৃংখলাৰ পৰৱৰ্তী দুখন মেচ ১২ আৰু ১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব। ১২ জানুৱাৰীৰ খেলখন কলকাতাত অনুষ্ঠিত হ’ব।