বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে ভাৰতীয় দলৰ বাবে সুখবৰ। আইচিচিৰ টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়াক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰে ভাৰতে । ১৫ মাহৰ পাছত ভাৰতে অষ্ট্ৰেলিয়াক শীর্ষস্থানৰ পৰা অপসাৰণ কৰে ৷
ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ১২২ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিছিল। ১১৯ পইণ্টৰে ৩ পইণ্ট পিছ পৰি আছিল ভাৰত। দিয়া নতুন ৰেংকিঙত ২০২০ চনৰ মে’ মাহৰ পৰা টেষ্টৰ হিচাপ কৰা হৈছে। সেইবাবেই ২০২১-২২ ছিজনত পাকিস্তানৰ বিৰুদ্ধে ২-০ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-০ গ’লত অষ্ট্ৰেলিয়াৰ জয়ৰ বাবে আৰু কোনো পইণ্ট লাভ কৰা নাই । তাৰ বাবেই তেওঁলোকৰ পইণ্ট ১১৬ হ্ৰাস পায়। আনহাতে ভাৰতৰ পইণ্ট ১২১ লৈ বৃদ্ধি পাইছে ।
নতুনকৈ প্ৰকাশ পোৱা ৰেংকিঙত ইংলেণ্ড তৃতীয় স্থানত আছে। তেওঁলোকৰ পইণ্ট হৈছে ১১৪। চাৰি নম্বৰত থকা দক্ষিণ আফ্ৰিকাৰ পইণ্ট ১০৪। পাঁচ নম্বৰ স্থানত আছে নিউজিলেণ্ড। তেওঁলোকৰ পইণ্ট ১০০।
৭ জুনৰ পৰা অ’ভেলত আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ’ব। দ্বিতীয় বাৰৰ বাবে ভাৰতে ফাইনেল খেলিব। যোৱাবাৰ নিউজিলেণ্ডৰ হাতত ভাৰত পৰাস্ত হৈছিল। সেই জোকাৰণি পাহৰি এইবাৰ জয়ৰ বাবে তৎপৰ হৈছে ৰোহিত, কোহলী। আনহাতে অষ্ট্ৰেলিয়াই এইবাৰ প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব।