বিশ্বকাপত সুন্দৰ প্ৰদর্শন অব্যাহত ৰাখিছে ভাৰতীয় দলটোৱে ৷ ভাৰতৰ অধিনায়ক ৰোহিত শর্মাই কালি ইঁলেণ্ডৰ বিৰুদ্ধে খেলা মেচত ৭টা নজিৰ গঢ়ি তুলিছে ৷ ৰোহিত শর্মাই কৰা অভিলেখসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ৷
১) ১০০ বা তাতকৈ অধিক মেচত নেতৃত্ব দিয়া সপ্তমজন ভাৰতীয় অধিনায়ক হিচাপে বিবেচিত হৈছে ৰোহিত। ইংলেণ্ডৰ এই মেচখন আছিল অধিনায়ক হিচাপে ৰোহিতৰ ১০০ সংখ্যক মেচ।
২) আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিনায়কৰ ভিতৰত ৰোহিতৰ জয়ৰ শতাংশ সৰ্বাধিক। তেওঁৰ অধীনত ভাৰতে ১০০খন খেলৰ ভিতৰত ৭৪খন খেলত জয়লাভ কৰে। অৰ্থাৎ অধিনায়ক হিচাপে ৰোহিতৰ জয় ৭৪ শতাংশ। বিশ্বকাপৰ প্ৰথম ছয়খন মেচৰ আটাইকেইখনতে জয়ী হোৱা প্ৰথমজন ভাৰতীয় অধিনায়ক ৰোহিত।
৩) ৰোহিতে এটা কেলেণ্ডাৰ বছৰত চিক্স কোবাই ক্ৰীছ গেইলক চেৰ পেলাইছে। দুয়োটাৰে এটা কেলেণ্ডাৰ বছৰত ৫৬টা ছিক্স আছে। এ বি ডি ভিলিয়াৰ্ছৰ ৫৮টা ছিক্সৰ অভিলেখ আছে । অৰ্থাৎ এই বিশ্বকাপত যদি ৰোহিতে আৰু তিনিটা ছয় কৰে তেন্তে তেওঁ কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছিক্স কোবোৱাৰ অভিলেখ গঢ়িব।
৪) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৮ হাজাৰ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় পঞ্চমজন বেটছমেন ৰোহিত । ৰোহিতৰ আগত থকা চাৰিজন বেটাৰ হ’ল হ’ল শচীন টেণ্ডুলকাৰ, বিৰাট কোহলী, ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলী।
৫) ৰোহিতে কেলেণ্ডাৰ বছৰত ১০০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা ষষ্ঠজন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়। শচীন তেণ্ডুলকাৰে (১৯৯৭), মহম্মদ আজহাৰুদ্দিন (১৯৯৮), সৌৰভ গাংগুলীয়ে (২০০০, ২০০২), মহেন্দ্ৰ সিং ধোনী (২০০৮, ২০০৯) আৰু বিৰাট কোহলী (২০১৭, ২০১৮, ২০১৯) এই কৃতিত্ব ইয়াৰ পূৰ্বে লাভ কৰিছিল ৷
৬) এদিনীয়া মেচত ৰোহিতে ১২টা অর্ধশতক অর্জন কৰে। তেওঁ বিৰাট, ছাকিব আল হাছান আৰু কুমাৰ ছাংগাকাৰাক স্পৰ্শ কৰিছিল। কেৱল শচীন (১৫)ৰহে এতিয়া তেওঁতকৈ বেছি অর্ধশতকৰ অভিলেখ আছে ৷
৭) বিশ্বকাপত মেন অৱ দ্য মেচৰ বঁটাৰ সংখ্যাত অষ্ট্ৰেলিয়াৰ গ্লেন মেকগ্ৰাথক চেৰ পেলাইছে ৰোহিতে। ভাৰতৰ অধিনায়কগৰাকীৰ হাতত এতিয়া ৭টা মেন অৱ দ্য মেচৰ বঁটা। তেওঁৰ আগত কেৱল শচীন অভিলেখৰ গৰাকী আছিল । বিশ্বকাপত তেওঁ ৯ বাৰ মেন অৱ দ্য মেচৰ সন্মান লাভ কৰিছে।