ক্রিষ্টিয়ানো ৰোনাল্ডোৱে বিগত দুবছৰ ধৰি চৌদি আৰৱত খেলি আহিছে৷ আল নাছেৰৰ হৈ তেওঁৰ প্ৰদৰ্শন বেয়া নহয়। অৱশ্যে ৰোনাল্ডো ইউৰোপীয় ফুটবললৈ ঘূৰি আহিব পাৰে বুলি জনা গৈছে। তেওঁ চেম্পিয়নছ লীগত খেলিব বিচাৰে। ইতিমধ্যে বন্ধুৰ ক্লাবে তেওঁক লৈ যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।
এই ছিজনৰ চেম্পিয়নছ লীগে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ফাইনেলত খেলিব ৰোনাল্ডোৰ প্ৰাক্তন ক্লাব ৰিয়েল মাদ্রিদে। প্ৰতিদ্বন্দ্বী বৰুছিয়া ডৰ্টমুণ্ড। অহা ছিজনৰ চেম্পিয়নছ লীগ আৰম্ভ হোৱাৰ পূর্বে গ্ৰীষ্মকালীন উইণ্ডোত ৰোনাল্ডোক চুক্তিবদ্ধ কৰিবলৈ বিচাৰিছে বায়াৰ লেভাৰকুচেনে৷ এই জাৰ্মান ক্লাবটোৱে এই ছিজনত বুণ্ডেছলিগা জয়লাভ কৰে। একেৰাহে ৪৩খন মেচত অপৰাজিত হৈ বায়াৰ্ন মিউনিখ, ডৰ্টমুণ্ডৰ দৰে দলক পিছ পৰি ৰৈ জাৰ্মানীৰ চেম্পিয়ন হৈ পৰিছে। এই ক্লাবৰ প্ৰশিক্ষক হৈছে জাভি এল’নছ’। এসময়ত তেওঁ ৰিয়েল মাদ্রিদত ৰোনাল্ডোৰ সতীর্থ আছিল৷ দুয়োৰে মাজৰ সম্পৰ্ক যথেষ্ট ভাল। সেইবাবেই ৰোনাল্ডোৱে জাৰ্মান ক্লাবটোত যোগদান কৰিব পাৰে।
ৰোণাল্ডো, আল নাছেৰ বা লেভাৰকুচেনে এতিয়াও এই বিষয়ত স্পষ্ট কৰা নাই যদিও ছৌদি সাংবাদিক এজনে দাবী কৰিছে যে ৰোনাল্ডোৰ সৈতে লেভাৰকুচেনৰ আলোচনাত বহু অগ্ৰগতি হৈছে। চেম্পিয়নছ লীগ খেলাৰ আগ্ৰহেৰেহে চি আৰ ৭ সেই ক্লাবলৈ যাব পাৰে।
ৰোনাল্ডোৱে মানচেষ্টাৰ ইউনাইটেড এৰি ২০২২ চনত আল নাছেৰত যোগদান কৰে। এই ক্লাবৰ হৈ তেওঁ ৪৬খন খেলত ৪৭টা গ’ল দিছিল। ৩৯ বছৰ বয়সতো তেওঁৰ গ’ল দিয়াৰ ক্ষমতা কমি যোৱা নাই। লেভাৰকুচেনে সেই দক্ষতাৰ মূলধন হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। সেইবাবেই তেওঁলোকে ৰোনাল্ডোক নিবলৈ আগ্ৰহী।