নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ৰ’ছ টেইলৰে ঘোষণা কৰিছে অৱসৰ ৷ আগন্তুক বাংলাদেশ শৃংখলাৰ পিছতে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’ব ৷ ইপিনে, অহা ফেব্ৰুৱাৰী- মাৰ্চত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ কেৰিয়াৰৰ অন্তিম এদিনীয়া মেচত অৱতীর্ন হ’ব ৷ টুইটাৰযোগে তেওঁ এই কথা ঘোষণা কৰিছে ৷ নিউজিলেণ্ডৰ মহান ক্ৰিকেটাৰসকলৰ অন্যতম হিচাপে ধৰা হয় ৰ’ছ টেইলৰক ৷ নিউজিলেণ্ডৰ সর্বাধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰ হৈছে টেইলৰ ৷ বর্তমানলৈ তেওঁ সংগ্ৰহ কৰা ৰাণৰ সংখ্যা হৈছে ১৮,০৭৪ ৷ এতিয়ালৈকে, তেওঁ ১১০ খন টেষ্ট, ২৩৩ খন এদিনীয়া আৰু ১০২ খন টি-২০ মেচত দেশখনক প্ৰতিনিধিত্ব কৰিছে। তদুপৰি তেওঁ হৈছে ক্ৰিকেটৰ তিনিওটা ফর্মেট অর্থাৎ এদিনীয়া, টেষ্ট আৰু টি-২০ ত ১০০ খনৰো অধিক মেচত খেলিবলৈ সুযোগ লাভ কৰা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ ৷
ইপিনে তেওঁ টুইটাৰৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰাৰ পাছতে বহু ক্ৰীড়া তাৰকাই শুভকামনাৰে ওপচাই পেলাই ৷