চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বেটছমেন ৰিয়ান পৰাগে নিজৰ আকৰ্ষণীয় প্ৰদর্শন অব্যাহত ৰাখিছে ৷ একক ছিজনত সৰ্বাধিক ৰান কৰা আনকেপড খেলুৱৈৰ তালিকাত তিনি নম্বৰ স্থান লাভ কৰিছে ৰিয়ানে ৷
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে এলিমিনেটৰ মেচত ৰিয়ান পৰাগে ২৬টা বলত ৩৬ ৰান স্ক’ৰ কৰে ৷ য’ত দুটা চাৰি আৰু দুটা ছয় অন্তভুর্ক্ত হৈ আছে ৷ তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৮.৪৬। চলি থকা ছিজনত পৰাগে ৫৬৭ ৰান সংগ্ৰহ কৰিছে। এই ছিজনত তেওঁ চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে ৷ সৰ্বোত্তম স্ক’ৰ হৈছে ৮৪। এই ছিজনত তেওঁ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী।
আই পি এলৰ এটা ছিজনত সর্বাধিক ৰাণ সংগ্ৰহ কৰা আনকেপড বেটছমেন হৈছে যশস্বী জয়ছোৱাল ৷ ২০২৩ চনৰ ছিজনত যশস্বী জয়ছৱালে, ১৪খন খেলত গড়ে ৪৮.০৭ আৰু ষ্ট্ৰাইক ৰেট ১৬৩.৬১ৰে ৬২৫ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ এটা শতক আৰু পাঁচটা অর্ধশতক অর্জন কৰিছিল ৷ তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ১২৪।
ৰয়েলছৰ হৈ এটা ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত তৃতীয় স্থানত আছে ৰিয়ান পৰাগ ৷ তদুপৰি আই পি এলত আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল ৷ আইপিএলৰ যিকোনো চিজনত চতুর্থ স্থানত বেটিং কৰি সর্বাধিক ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ শীর্ষ স্থানত আছে ৰিয়ান ৷ ঋষভ পণ্টৰ ৰেকর্ড ভংগ কৰিছে ৰিয়ান পৰাগে ৷ ৰিয়ান পৰাগে ২০১৮ চনত এই স্থানত বেটিং কৰি সর্বাধিক ৫৪৭ ৰান সংগ্ৰহ কৰিছিল ৷ ইয়াৰ বিপৰীতে ৰিয়ানৰ ৰানৰ পৰিমান হৈছে ৫৬৭ ৷