ইউক্ৰেইনক আক্ৰমণ কৰাৰ পিছতেই ২০২২ চনৰ বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰা হৈছে ৰাছিয়াক আৰু দেশখনৰ বিভিন্ন দলসমূহক পৰৱৰ্তী জাননী নোপোৱালৈকে সকলো আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ পৰা নিলম্বিত কৰা হৈছে বুলি ফিফাই সোমবাৰে ইউ ই এফ এৰ সৈতে এক যুটীয়া বিবৃতিত ঘোষণা কৰে।আনহাতে ইউৰোপীয়ান ফুটবলৰ নিয়ন্ত্ৰক সংস্থায়ো ৰাছিয়াৰ স’তে ইতিমধ্যে সম্পৰ্ক ছেদ কৰিছে ৷
ৰাছিয়াৰ পুৰুষদলটোৱে এই বছৰৰ শেষৰ ফালে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে মাৰ্চত কোৱালিফাইং প্লে-অফত খেলিব লগা হৈছিল, আনহাতে ইয়াৰ মহিলা দল টোৱেও জুলাইত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
ফিফা আৰু ইউ ই এফ এয়ে আজি একেলগে সিদ্ধান্ত লৈছে যে ৰাষ্ট্ৰীয় প্ৰতিনিধি দল বা ক্লাব দল হওঁক, সকলো ৰাছিয়ান দলক পৰৱৰ্তী জাননী নোপোৱালৈকে ফিফা আৰু ইউ ই এফ এৰ দুয়োটা প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰা হ’ব ৷
এই ঘোষণাটোৱে ইউৰোপীয় প্ৰতিযোগিতাত জড়িত ৰাছিয়ান ক্লাবসমূহকো প্ৰভাৱিত কৰে।
আনহাতে ৰাছিয়ান ফুটবল ইউনিয়নে এই নিলম্বনক নিন্দা কৰি কয় যে এই পদক্ষেপ “বৈষম্যমূলক”।”ইয়াৰ এক স্পষ্ট বৈষম্যমূলক চৰিত্ৰ আছে আৰু ই বৃহৎ সংখ্যক খেলুৱৈ, প্ৰশিক্ষক, ক্লাব আৰু ৰাষ্ট্ৰীয় দলৰ কৰ্মচাৰী আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে লাখ লাখ ৰাছিয়ান আৰু বিদেশী অনুৰাগীৰ ক্ষতি কৰিব ৷
বিশ্বৰ আন এক অন্যতম খেলুৱৈ সংঘ এফআইএফপ্ৰোৱে সোমবাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ফিফাৰ দ্বাৰা লোৱা এই পদক্ষেপত তেওঁলোক “দৃঢ়ভাৱে অসন্মত”।
ইফালে ফিফাৰ সিদ্ধান্তক পূৰ্ণ সমৰ্থন কৰি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে টুইট যোগে প্ৰকাশ কৰে যে, “এইটো আন্তৰ্জাতিক ক্ৰীড়া সম্প্ৰদায়ৰ এক শক্তিশালী বাৰ্তা যে আমি স্বাধীনতাৰ ওপৰত পুটিনৰ ঘৃণনীয় আক্ৰমণ সহ্য নকৰোঁ” ৷
FIFA/UEFA suspend Russian clubs and national teams from all competitions
▶️ https://t.co/Q2htzW3W9z pic.twitter.com/LFo1bUtqmm
— FIFA Media (@fifamedia) February 28, 2022
nbsp;