মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ ৷ যাৰ সুকীয়াকৈ কোনো পৰিচয়ৰে প্ৰয়োজন নাই ৷ খেলপথাৰত তেওঁৰ বেটৰ যাদুৱে সন্মোহিত কৰি আহিছে লাখ লাখ অনুৰাগীক ৷ ২০১৩ বর্ষতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও ফর্মৰ পৰা যেন এতিয়াও আতৰি যোৱা নাই তেণ্ডুলকাৰ ৷ পুনৰ এবাৰ বেটৰ যাদুৰে মহান ক্ৰিকেটাৰ গৰাকীয়ে মুগ্ধ কৰিলে তেওঁৰ অনুৰাগীক ৷ পথ সুৰক্ষা বিশ্ব চিৰিজত ইণ্ডিয়া লিজেণ্ডছক নেতৃত্ব দিয়া তেণ্ডুলকাৰৰ প্ৰদর্শনত অনুৰাগীয়ে পুনৰ ৰোমন্থন কৰিবলৈ বাধ্য হ’ল ১৯৯৮ চনত তেওঁ খেলা বিখ্যাত ইনিংছৰ স্মৃতি ৷
এই ৱৰ্ল্ড ছিৰিজত মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে বৃহস্পতিবাৰে ইংলেণ্ড লিজেণ্ডছৰ বিৰুদ্ধে মাত্ৰ ২০টা বলত ৪০ ৰান সংগ্ৰহ কৰে ৷ ইয়াৰ ভিতৰত আছে তিনিটা ছয় ৷
Vintage Sachin Tendulkar pic.twitter.com/qvogWLkVqC
— Sachin Tendulkar🇮🇳FC (@CrickeTendulkar) September 22, 2022
ইংলেণ্ড লিজেণ্ডছৰ বিৰুদ্ধে বেটিং মুকলি কৰি টেণ্ডুলকাৰে একক ৰাণেৰে স্ক’ৰ মুকলি কৰে ৷ ক্ৰীছ ট্ৰেমলেটৰ অভাৰত টেণ্ডুলকাৰে দুটা ছাৰি আৰূ এটা কোবাই স্ক’ৰ আগুৱাই নিয়ে ৷ শচীন তেণ্ডুলকাৰৰ আকর্ষণীয় শ্বট প্ৰত্যক্ষ কৰি ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে ইয়াক ১৯৯৮ চনত শ্বাৰজাহত বিখ্যাত “ডেজার্ট ষ্টর্ম” নামেৰে পৰিচিত টেণ্ডুলকাৰৰ বিখ্যাত ইনিংছৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰে ৷
ইণ্ডিয়া লিজেণ্ডছ আৰু ইংলেণ্ড লিজেণ্ডছৰ মাজত হোৱা খেলখন ১৫ অভাৰলৈ হ্ৰাস কৰা হয় । প্ৰথমে বেটিং কৰি ইণ্ডিয়া লিজেণ্ডছে ১৭০/৫ ৰান সংগ্ৰহ কৰে। টেণ্ডুলকাৰে ৪০ ৰান কৰাৰ বিপৰীতে যুৱৰাজ সিঙে মাত্ৰ ১৫টা বলত ৩১ ৰান কৰি অপৰাজিত হৈ থাকে। ইণ্ডিয়া লিজেণ্ডছে ৪০ ৰানত প্ৰতিযোগিতাখনত জয়লাভ কৰে। ৰাজেশ পাৱাৰে তিনিটা উইকেট দখল কৰে।