অহা ৯ জুনত টি-২০ বিশ্বকাপত মুখামুখি হ’ব ভাৰত-পাকিস্তান। নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত ৰোহিত শৰ্মাৰ দলটোক উৎসাহিত কৰিবলৈ খেলপথাৰত উপস্থিত থাকিব শচীন টেণ্ডুলকাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে শচীনৰ উপস্থিতি।
আই চি চিৰ এটা পৃষ্ঠপোষক সংস্থাৰ বাণিজ্যিক এম্বেছাদৰ শচীন তেণ্ডুলকাৰ। সেই সংস্থাৰ অনুৰোধত শচীনে টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলত অংশ ল’ব। নিউয়ৰ্কৰ নাছাউ কাউন্টি গ্ৰাউণ্ডত নতুন ক্ৰিকেট ষ্টেডিয়াম টি-২০ বিশ্বকাপৰ বাবে নিৰ্মাণ কৰা হৈছে। খেলপথাৰখনৰ আকাৰ মুম্বাইৰ ৱাখেড়ে ষ্টেডিয়ামৰ সমান। অস্থায়ী ক্ৰিকেট খেলপথাৰত ৩৬ হাজাৰ আসন আছে দৰ্শকৰ বাবে ।
আইচিচিৰ এজন বিষয়াই কয় যে সকলো ঠিকে থাকিলে শচীনে ভাৰত-পাকিস্তানৰ খেলখন গেলেৰীৰ পৰা উপভোগ কৰিব ৷ তেওঁৰ উপস্থিতি ভাৰতীয় দলৰ বাবে এক বিশেষ অনুপ্ৰেৰণা হ’ব। অৱশ্যে খেলৰ পূৰ্বে শচীনে ভাৰতীয় দলক সাক্ষাৎ কৰিব নে নকৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। শচীনৰ উপস্থিতিয়ে বিশ্বকাপৰ খেলখনত এক বেলেগ মাত্ৰা যোগ কৰিব।
আইচিচিৰ তথ্য অনুসৰি ভাৰত-পাকিস্তানৰ খেলখনৰ সকলো টিকট বিক্ৰী হৈছে। এই মেচখনক লৈ আমেৰিকাত বসবাস কৰা ভাৰত আৰু পাকিস্তানৰ জনসাধাৰণ উৎফুল্লিত হৈ পৰিছে। শচীনৰ উপস্থিতিয়ে ভাৰত-পাকিস্তানৰ খেলখনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে আইচিচিয়ে।