ইডেন মানে সৌৰভ গাংগুলীৰ ৰাজত্বকাল। এই খেলপথাৰত খেলি তেওঁ ডাঙৰ হৈছিল। ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছত ইডেনতে কঠোৰ অনুশীলন কৰি তেওঁ দললৈ উভতি আহিছিল। সেই ইডেনতে ফিল ছল্টে সোমবাৰে সৌৰভৰ অভিলেখ ভংগ কৰে। সৌৰভৰ সন্মুখতে ক্ৰিকেটাৰজনে এই নজিৰ ভংগ কৰে ।
ইডেনত আই পি এলৰ ছিজনত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখো অৰ্জন কৰিছিল সৌৰভে। ৭খন মেচত ৩৩১ ৰান সংগ্ৰহ কৰিছিল সৌৰভ গাংগুলীয়ে। ছল্টে সেই অভিলেখ ভংগ কৰিলে। ইডেনত এইবাৰ আই পি এলত এতিয়ালৈকে ৬ খন মেচ খেলিছে কে কে আৰে। আৰু সেই ছয়খন মেচত তেওঁ ৩৪৪ ৰান সংগ্ৰহ কৰিছিল।
ইডেনত অনুষ্ঠিত হোৱা আই পি এলত সৰ্বাধিক ৰানৰ তালিকাত এতিয়া শীৰ্ষস্থানত আছে ছল্ট। ২০১০ চনৰ আই পি এলত ইডেনত ৩৩১ ৰান সংগ্ৰহ কৰিছিল সৌৰভে। সেই অভিলেখ ভংগ কৰিবলৈ ১৪ বছৰ সময় লাগিছিল। তৃতীয় স্থানত আছে আন্দ্ৰে ৰাছেল। ২০১৯ চনত ইডেনত ৩১১ ৰান সংগ্ৰহ কৰিছিল। ২০১৮ চনত ক্ৰীছ লিনে ৩০৩ ৰান সংগ্ৰহ কৰিছিল।
সোমবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ছল্টে এক উত্তেজনাপূর্ণ ইনিংছ খেলিছিল। প্ৰথমে কেকেআৰে দিল্লীক ১৫৩ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল। অকলেই বৰুণ চক্ৰৱৰ্তীয়ে তিনিটা উইকেট দখল কৰে। ছল্টে ৩৩টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। কেকেআৰে ৭ উইকেটত জয়লাভ কৰে।