কাটাৰৰ লুছাইল ষ্টেডিয়ামত ছৌদি আৰবে দুবাৰৰ ফিফা বিশ্বকাপ চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰাটোৱেই আছিল এইবাৰৰ অন্যতম চর্চিত ঘটনা ৷ বহুতে আৰ্জেণ্টিনাৰ পৰাজয়ক বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অঘটন বুলি অভিহিত কৰে।
বিশ্ব ৰেংকিঙত আৰ্জেণ্টিনা আৰু চৌদি আৰৱৰ মাজত ৪৮টা স্থান ব্যৱধান থকাৰ পৰিপ্ৰেক্ষিতত বহুতে আশা কৰিছিল যে ফুটবল কিংবদন্তি লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই সহজেই ছৌদি আৰবক পৰাস্ত কৰিব। তিনি বছৰ ধৰি অপৰাজিত হৈ থকা আৰ্জেণ্টিনা ২০২২ চনৰ প্ৰতিযোগিতাত জয়ী হোৱাৰ অন্যতম সাম্ভাৱ্য দল ৷
কিন্তু বিশেষজ্ঞ সকলৰ সকলো সম্ভাৱনা নস্যাৎ কৰি চৌদি আৰৱে আর্জেণ্টিনাক পৰাজিত কৰে ৷ ইয়াৰ পিছত দেশখনৰ ৰাজকীয় পৰিয়ালে ছৌদি আৰৱৰ ফুটবল দলৰ প্ৰত্যেককে এখনকৈ ৰ’লছ ৰয়েচ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে । কোৱা হৈছে যে কাটাৰৰ পৰা উভতি অহাৰ সময়ত ৰাজকুমাৰ মহম্মদ বিন ছালমান আল ছাউদে প্ৰতিজন খেলুৱৈক ৬ মিলিয়ন আৰএমৰ ৰ’লছ ৰয়ছ ফেণ্টম উপহাৰ দিব। ইয়াৰে প্ৰতিখন বাহনৰ মূল্য ভাৰতীয় টকাৰ হিচাপত হ’ব ১০ কোটি ৷
ৰাজকুমাৰৰ পৰামৰ্শৰ পিছত ৰজাই দেশখনত উদযাপনৰ বাবে বন্ধৰ দিনো ঘোষণা কৰিছিল। আচৰিত জয়লাভ কৰাৰ পূৰ্বে ছৌদি আৰবে ইয়াৰ পূৰ্বে মাত্ৰ তিনিখন বিশ্বকাপ খেলত জয়লাভ কৰিছিল।