ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ছৌদি আৰৱে ২-১ গ’লত জয়লাভ কৰি হতচকিত কৰি তুলিছে ফুটবল অনুৰাগীক ৷ কাটাৰত চলি থকা বিশ্বকাপ ফুটবলত এয়া প্ৰথম অঘটন হিচাপে বিবেচিত হৈছে ৷ এই বিজয়ৰ পাছতে উৎফুল্লিত হৈ পৰিছে ছৌদি আৰৱৰ লোকসকল ৷ এই আনন্দৰ মুহুর্ত উদযাপনৰ বাবে ছৌদি আৰবে আজি ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিছে। বুধবাৰে সকলো চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে ছুটী লাভ কৰিব বুলি ঘোষণা কৰে ছৌদি আৰৱৰ ৰজা ছলমানে। বিদ্যালয়সমূহো আজি বন্ধ থাকে ৷
ৰয়েল ক’ৰ্টৰ উপদেষ্টা তথা ছৌদি আৰৱৰ সাধাৰণ মনোৰঞ্জন কৰ্তৃপক্ষৰ মুৰব্বী তুৰ্কী আল শ্বেইখে টুইটাৰযোগে ঘোষণা কৰিছিল যে মঙলবাৰে চহৰখনৰ প্ৰধান থিম পাৰ্ক আৰু মনোৰঞ্জন কেন্দ্ৰসমূহত প্ৰৱেশ মাচুল ৰেহাই দিয়া হ’ব। আর্জেণ্টিনাক পৰাজিত কৰা পিছত সমগ্ৰ ৰাজধানী ৰিয়াধত উদযাপনৰ সূচনা হয় ৷